বীভৎসতাৰ শীৰ্ষত, উলংগ কৰি যৌনাংগত জলকীয়া সানি ৰাস্তাত ভ্ৰমণ কৰোৱালে মহিলাক!

crime in assam

প্ৰতিনিধিত্বমূলক ছবি

নাৰীক জোৰ-জবৰদস্তিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষস্থান অধিকাৰ কৰা অসমত এইবাৰ পোহৰলৈ আহিছে যোনিত জলকীয়া গুৰি সানি এগৰাকী মহিলাক নগ্নভাৱে ৰাস্তাত ঘূৰাই ফুৰোৱাৰ এক বীভৎস ঘটনা।

কেৱল সেয়াই নহয়, ঘটনাটোৱে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত ৰাজ্যত কাৰ্য্যতঃ প্ৰশাসনহীনতা আৰু ‘ৰাইজ’ৰ উন্মত্ততাৰ এক ভয়ংকৰ ছবিও উদঙাই দিছে।

১০ দিন পূৰ্বেই ঘটা ঘটনাটোৰ অভিযোগ ভুক্তভোগীয়ে স্থানীয় থানাৰ পৰিৱৰ্তে বৃহস্পতিবাৰে দাখিল কৰিব লগা হৈছে কৰিমগঞ্জৰ জিলা আদালতত।

লগতে পঢ়ক নাৰীক জোৰ-জবৰদস্তিৰ দেশৰ শীৰ্ষস্থান অধিকাৰ অসমৰ

অভিযোগ মতে যোৱা ১০ ছেপ্তেম্বৰত কেইজনমান লোকে মহিলাগৰাকীৰ ঘৰলৈ আহি শহুৰেকৰ হাত বান্ধি লৈ মহিলাগৰাকীৰ কাপোৰ খুলি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত তেওঁ পোৱা ধনখিনি দাবী কৰি অত্যাচাৰ কৰিছিল।

সেই অত্যাচাৰৰ বিৰুদ্ধে অভিযোগ দাখিলৰ বাবে ১১ ছেপ্তেম্বৰত স্থানীয় স্থানীয় মাগুৰা আৰক্ষী চকীলৈ যাবলৈ ওলোৱাৰ সময়তে গাঁৱৰ ৰাইজে মহিলাগৰাকীক ঘেৰি ধৰি পুনৰ নগ্ন কৰি যোনিত জলকীয়া সানি অত্যাচাৰ কৰে।

‘মই যেতিয়া মাগুৰা আৰক্ষী চকীলৈ অভিযোগ দাখিলৰ বাবে ওলালো, গাঁৱৰ ৰাইজে মোক ঘেৰি ধৰি কাপোৰ খুলি পেলায়। পিছত মতা, মাইকী সকলোৱে মিলি মোৰ যৌনাংগত জলকীয়া গুৰি সানে। মাৰ-ধৰো কৰে…কোনোবাই তাৰে ভিডিঅ’ বনায়,’ ভুক্তভোগীগৰাকীৰ মন্তব্য।

লগতে পঢ়ক বন্ধনৰ ঋণ লৈ প্ৰাণৰ সংকটত মহিলা

মহিলাগৰাকীক অত্যাচাৰ কৰা লোকসকলে থানালৈ নাযাবলৈ বুলিও মহিলাগৰাকীক সকীয়নি দিয়ে বুলি তেওঁ অভিযোগ কৰিছে।

‘মোক সিহঁতে মনে মনে থাকিবলৈ সকীয়াই দিছিল, অন্যথা ভিডিঅ’টো ৰাজহুৱা কৰি দিব বুলি কৈছিল,’ মহিলাগৰাকীৰ অভিযোগ।

বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বাজাৰিচৰা আৰক্ষী থানাৰ মাগুৰা গাঁৱত যোৱা ১০ আৰু ১১ ছেপ্তেম্বৰতেই ঘটা ঘটনাটো ভুক্তভোগী মহিলাগৰাকীয়ে বৃহস্পতিবাৰে আদালতত অভিযোগ দিয়াতহে পোহৰলৈ আহিছে।

ইতিমধ্যে কোনোবা লোকে ৰাজহুৱা কৰা অত্যাচাৰৰ ভিডিঅ’টো চ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে লুইনিৰবুল চৰাই নামৰ এজন লোকে আন ৫জন লোকৰ সৈতে তেওঁৰ পৰা ধনখিনি কাঢ়ি নিবলৈ আহিছিল।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১২০বি, ৪৪৮, ৩৫৪বি আৰু ৩৯২ ধাৰাৰ অধীনত লুইনিৰবুল আৰু আন ১২জনৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন হৈছে।