• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্ধন গোটৰ ঋণ লৈ প্ৰাণৰ সংকটত মহিলা, গ্ৰেপ্তাৰ ৬ গৰাকী মৰেল পুলিচ

বিহালীৰ ৰৌমাৰী গাঁৱত গোটৰ ঋণ লৈ পৰিশোধ নকৰাৰ অভিযোগত এগৰাকী মহিলাক মৰিয়াই আধামৰা কৰিছে গাওঁখনৰে একাংশ মহিলাই। ঘটনা সন্দৰ্ভত মৰমী বৰা, জিনা বৰা, ববী ৰাজখোৱা, জোনালী ৰাজখোৱা, মৌচুমী শইকীয়া আৰু ৰূপা বৰাক গ্ৰেপ্তাৰ কৰা হৈছে।

NE NOW NEWS কাজী জেইদুল ইছলাম
বিশ্বনাথ , September 13, 2018 7:48 pm

2 min read

moral police attacks woman in assam's behali
506
VIEWS
Share on FacebookShare on Twitter

কেইবাটাও ভয়ংকৰ ঘটনাৰ পিছতো অসমত লোপ পোৱা নাই মৰেল পুলিচ। বন্ধন গোটৰ ঋণ মাৰিব নোৱৰাৰ অভিযোগত বিহালীৰ ৰৌমাৰী গাঁৱত এগৰাকী মহিলাক মৰিয়াই আধামৰা কৰিছে গাওঁখনৰে একাংশ মহিলাই।

বুধবাৰে ঘটা ঘটনাটোৰ ভুক্তভোগীগৰাকীক ইতিমধ্যে বিহালী আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে যদিও মহিলাগৰাকীয়ে তেওঁক কৰা আক্ৰমণৰ ফলত কাণেৰে নুশুনা হোৱা বুলি অভিযোগ কৰিছে।

ভুক্তভোগীগৰাকীৰ পৰিয়ালৰ মতে গাঁৱৰ মহিলা মৰেল পুলিচৰ দলটোৱে মহিলাগৰাকীক বাঁহেৰে আক্ৰমণ কৰিছিল। আক্ৰমণত মহিলাগৰাকীয়ে মুখমণ্ডলতো আঘাত পাইছে৷

ঘটনাটোৰ লগত জড়িত ৬ গৰাকী মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ ‘ঘটনা সন্দৰ্ভত মৰমী বৰা, জিনা বৰা, ববী ৰাজখোৱা, জোনালী ৰাজখোৱা, মৌচুমী শইকীয়া আৰু ৰূপা বৰাক গ্ৰেপ্তাৰ কৰা হৈছে,’ নৰ্থ ইষ্ট নাও-ক জনালে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়ে।

ঘটনাটো সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে বিহালী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ বিপৰীতে মহিলাগৰাকীৰ ওপৰতো গাঁৱৰ মহিলাসকলে ঋণ পৰিশোধ নকৰি পলাই থকা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে৷

বিহালী আৰক্ষীয়ে দুয়োপক্ষৰে অভিযোগৰ ভিত্তিত ১০১/১৮ আৰু ১০২/১৮ নম্বৰৰ দুটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

অভিযোগ অনুসৰি দৰিদ্ৰ মহিলাগৰাকীয়ে গোটটোৰ পৰা ৬০ হাজাৰ টকা সুদলৈ লৈ কিস্তি পৰিশোধ নকৰি ‘পলাই আছিল’।

বুধবাৰে গোটটোৰ একাংশ মহিলাই মহিলাগৰাকীক গাঁৱৰ নামঘৰৰ সন্মুখত বিদ্যুতৰ খুঁটাত বান্ধি মুখত ক’লা ছাই আৰু চূণ সানি, ছুলি কাটি মাৰধৰ কৰি পিছত সমদল উলিয়াই গোটেই গাওঁখন সমদল কৰি ঘূৰায়।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd