NORTHEAST NOW (Assamese)

চাঞ্চল্যকৰ! দেউতাকক হোটেলত ভাত খুৱাবলৈ নি জীৱন্তে জ্বলাই দিলে কন্যাই, ক’ত?

March 23, 2021 4:47 pm · এন ই নাও নিউজ
Updated: March 23, 2021 4:49 pm

কলকাতাত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ ঘটনা।

অভিযোগ অনুসৰি, এগৰাকী ২২ বছৰীয়া যুৱতীয়ে দেউতাকক ৰাতি ঘৰৰ বাহিৰৰ এখন হোটেললৈ ভাত খাবলৈ লৈ আনে, দেউতাকৰ মদ খাই নিচা হয়, আৰু শেষত যুৱতীগৰাকীগৰাকীয়ে দেউতাকৰ গাত জুই লগাই জীৱন্তে জ্বলাই দিয়ে।

যুৱতীগৰাকীৰ পৰিকল্পনা অনুযায়ী, হোটেলত ভাত খোৱাৰ পাছত নিচাতুৰ দেউতাকৰ স’তে দুয়ো কলকাতাৰ চদপল ঘাট অভিমুখে খোজ কাঢ়ে।

যেতিয়া হুগলী নদীৰ পাৰৰ চদপল ঘাটৰ এখন বেঞ্চত দেউতাক শুই পৰে, যুৱতীগৰাকীয়ে দেউতাকৰ শৰীৰত কেৰাচিন ঢালি জুই লগাই দিয়ে।

দেওবাৰে সংঘটিত হৈছে এই ঘটনা।

সমগ্ৰ ঘটনাটো চিচিটিভিৰ কেমেৰাত আৱদ্ধ হৈ ৰয়।

তদুপৰি, আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীয়ে হত্যাকাণ্ডটোৰ স্বীকাৰোক্তি প্ৰদান কৰিছে।

পাৰ্ক চাৰ্কাছ অঞ্চলত বাস কৰা যুৱতীগৰাকীক তাইৰ খূড়াকৰ অভিযোগনামাৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে।

জেৰাত যুৱতীগৰাকীয়ে কয় যে দেউতাকে তাইক দীৰ্ঘদিন ধৰি শাৰিৰীক আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল।

তদুপৰি যুৱতীগৰাকীয়ে কয় যে, যেতিয়া তাই সৰু হৈ থাকোতেই মাক ঢুকাইছিল, তেতিয়াৰ পৰা দেউতাকে তাইক অত্যাচাৰ কৰি আহিছিল।

অৱশ্যে তাই বিয়া হৈ যোৱাৰ পাছত এয়া কমি আহে।

কিন্তু যেতিয়াই তাইৰ বিবাহ বিচ্ছেদ হয় আৰু ঘৰলৈ ঘূৰি আহে, পুনৰ দেউতাকে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে।

আৰক্ষীয়ে জনাইছে যে অভিযোগসমূহৰ অনুসন্ধান চলাই থকা হৈছে।

যুৱতীগৰাকীক ২৯ মাৰ্চলৈকে আৰক্ষীৰ জেৰাত ৰখা হ’ব।

তাৰপাছত সোমবাৰে আদালতত হাজিৰ কৰোৱা হ’ব।

Related News