NORTHEAST NOW (Assamese)

অভয়াপুৰীত চাঞ্চল্য: ৰহস্যজনকভাবে সন্ধানহীন মাতৃ-পুত্ৰ  

July 3, 2021 4:30 pm · প্ৰণৱ কুমাৰ ডেকা
Updated: July 3, 2021 5:00 pm

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত দুৰ্গাপুৰ গাঁৱৰ লক্ষী ৰাজবংশী(২২) আৰু তেওঁৰ পুত্ৰ জীৎ মণ্ডল (৪) যোৱা ২৭ জুনৰ পৰা নিজ ঘৰৰ পৰাই ৰহস্যজনকভাবে সন্ধানহীন হৈ আছে ৷

মহিলাগৰাকী উক্ত গাঁৱৰ ৰঞ্জিত ৰাজবংশীৰ কন্যা।

মহিলাগৰাকীৰ উচ্চতা ৪ ফুট ৬ ইঞ্চি আৰু দেখিবলৈ ধুনীয়া।

সন্ধানহীন হোৱাৰ সময়ত লক্ষী ৰাজবংশী নীলা ৰঙৰ চেলোৱাৰ পৰিধান কৰি আছিল।

আনহাতে. পুত্ৰৰ উচ্চতা প্ৰায় ২ ফুট ৬ ইঞ্চি ৷

কোনোলোকে মহিলাগৰাকীৰ লগতে তেওঁৰ দুবছৰীয়া সন্তানটিৰ যদি কোনো সন্ধান পায় তেতিয়াহ’লে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সহায়ক কক্ষৰ ৯৪৩৫৭৩৬১১১ নাইবা  ০৩৬৬৪-২৩০৮৯৮ ফোন নম্বৰত জনাবলৈ অনুৰোধ জনাইছে আৰক্ষীৰ লগতে পৰিয়ালৰ লোকে।

মহিলাগৰাকীৰ লগতে তেওঁৰ কণমানি সন্তানটি কোনো দুষ্ট চক্ৰৰ কৱলত পৰিব পাৰে বুলি বহুতে সন্দেহ ব্যক্ত কৰিছে।

Related News