বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত দুৰ্গাপুৰ গাঁৱৰ লক্ষী ৰাজবংশী(২২) আৰু তেওঁৰ পুত্ৰ জীৎ মণ্ডল (৪) যোৱা ২৭ জুনৰ পৰা নিজ ঘৰৰ পৰাই ৰহস্যজনকভাবে সন্ধানহীন হৈ আছে ৷
মহিলাগৰাকী উক্ত গাঁৱৰ ৰঞ্জিত ৰাজবংশীৰ কন্যা।
মহিলাগৰাকীৰ উচ্চতা ৪ ফুট ৬ ইঞ্চি আৰু দেখিবলৈ ধুনীয়া।
সন্ধানহীন হোৱাৰ সময়ত লক্ষী ৰাজবংশী নীলা ৰঙৰ চেলোৱাৰ পৰিধান কৰি আছিল।
আনহাতে. পুত্ৰৰ উচ্চতা প্ৰায় ২ ফুট ৬ ইঞ্চি ৷
কোনোলোকে মহিলাগৰাকীৰ লগতে তেওঁৰ দুবছৰীয়া সন্তানটিৰ যদি কোনো সন্ধান পায় তেতিয়াহ’লে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সহায়ক কক্ষৰ ৯৪৩৫৭৩৬১১১ নাইবা ০৩৬৬৪-২৩০৮৯৮ ফোন নম্বৰত জনাবলৈ অনুৰোধ জনাইছে আৰক্ষীৰ লগতে পৰিয়ালৰ লোকে।
মহিলাগৰাকীৰ লগতে তেওঁৰ কণমানি সন্তানটি কোনো দুষ্ট চক্ৰৰ কৱলত পৰিব পাৰে বুলি বহুতে সন্দেহ ব্যক্ত কৰিছে।