ভোগালী বিহুক আদৰিবলৈ প্ৰস্তুতি বিশ্বনাথৰ এদল মহিলাৰ

ৰাজ্যবাসী সাজু হৈছে ভোগালী বিহুক আদৰিবলৈ ।

কাৰণ পদূলি মূৰত অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু । কৃষি কৰ্মৰে খেতি পথাৰ উপচি পৰা সকলোৱে মিলি লগে ভাগে এসাঁজ খোৱাৰ আনন্দত মতলীয়া হোৱাৰ সময় এয়া ।

এই সময় ৰান্ধনীশালত পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ ।

তিল পিঠা, নাৰিকল পিঠাকে আদি কৰি বিভিন্ন ভোগালী জলপান তৈয়াৰ কৰাত ইতিমধ্যে সাজু হৈ পৰিছে সকলো গৃহিণী ।

বিশ্বনাথ চাৰিআলিৰ দ গাঁৱৰ পূবেৰুণ আত্মসহায়ক গোটৰ সদস্যা সকলো ব্যস্ত হৈ পৰিছে ভোগালীক আদৰাৰ প্ৰস্তুতিত। ব্যস্ত হৈ পৰিছে ভোগালীৰ জলপান তৈয়াৰ কৰাত ।

কেৱল ভোগালী বিহু উদযাপনৰ বাবেই নহয়, তেওঁলোকে সাজু কৰি তুলিছে বিশ্বনাথৰ বজাৰত ভোগালীৰ জলপানৰ ক্ষেত্ৰত নিজৰ দখল গঢ়াৰ বাবে । ইতিমধ্যে বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত পূবেৰুণ আত্মসহায়ক গোটৰ সদস্যা সকলৰ প্ৰচেষ্টাত বিভিন্ন জলপান তৈয়াৰ কৰি বিক্ৰী কৰাৰ বাবে প্ৰেৰণ কৰিছে ।

এফালে সংস্কৃতি, পৰম্পৰা অটুট ৰখাৰ প্ৰয়াস ,আনফালে স্বাৱলম্বিতাৰ জৰিয়তে এক সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে এইসকল মহিলাই।