NORTHEAST NOW (Assamese)

লক্ষ্য ‘গীনিজ বুক অৱ ৰেকৰ্ড’ : চাইকেলেৰে উত্তৰ-পূবক সামৰি ৩০ হাজাৰ কি.মি. ভ্ৰমণৰ লক্ষ্য

May 28, 2019 5:58 pm · অনিৰ্বাণ পাঠক
Updated: May 28, 2019 7:19 pm
অন্ধ্ৰ প্ৰদেশৰ পৰা চাইকেলেৰে অসমত উপস্থিত হোৱা মহিলাগৰাকী

৩০ হাজাৰ কি.মি. পথ চাইকেল যাত্ৰাৰ কৰি গীনিজ বুক অৱ ৱৰ্ড ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত কৰাৰ লক্ষ্যৰে উত্তৰ-পূবত আহি উপস্থিত হৈছে মহিলা পৰ্বতাৰোহী জ্যোথি ৰংগালা। ১০ মে’ত তেওঁ  অসমত আহি উপস্থিত হয়।

অন্ধ্ৰ প্ৰদেশৰ পূৱ গোদাৱৰী জিলাৰ ৩৫ বছৰীয়া জ্যোথি ৰংগালাই “ভাৰতৰ পথ সমুহ মহিলাৰ বাবে সুৰক্ষিত” শীৰ্ষক থিম লৈ আৰম্ভ কৰিছে এই চাইকেল যাত্ৰা।

বিগত জানুৱাৰী মাহৰ ৮ তাৰিখে নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰি হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডৰ কিছু অংশ আৰু বিহাৰ অতিক্ৰম কৰি তেওঁ উত্তৰ-পূবত প্ৰৱেশ কৰে।

বৰ্তমান তেওঁ তেজপুৰত আছে। তেজপুৰৰ পাছত তেওঁ ইটানগৰলৈ ৰাওনা হ’ব, ইটানগৰৰ পাছত অসমৰ মাজেৰেই আহি নাগালেণ্ড, মণিপুৰকে ধৰি উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্য ভ্ৰমণ কৰাৰ পাছত জুলাই মাহত গুৱাহাটীত আহি উপস্থিত হ’ব বুলি জ্যোথি ৰংগালাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

আনহাতে, চাইকেল যাত্ৰা সম্পৰ্কে ৰংগালাই কয়, “মই এই যাত্ৰা অকলসৰে আৰু কাৰো সহায় নোহোৱাকৈ আৰম্ভ কৰিছো। এই যাত্ৰা কোনো খৰচ নোহোৱাকৈ কৰি আছো। যাত্ৰা পথত মোক কোনোবাই খাবলৈ দিছে, কাৰোবাৰ ঘৰত থাকিবলৈ দিছে, নহ’লে মই কোনো মন্দিৰ, গুৰুদ্বাৰ আদিতেই নিশা কটাইছো।”

উল্লেখযোগ্য যে,  তেওঁ ২০১৭ চনৰ জানুৱাৰী মাহত প্ৰথমবাৰ পথ সমূহত মহিলাৰ সুৰক্ষা সম্বন্ধে সজাগতা সৃষ্টিৰ কাৰণে যাত্ৰা আৰম্ভ কৰিছিল যদিও যাত্ৰা পথত হোৱা এক দূৰ্ঘটনাৰ বাবে চিকিৎসাধীন হ’ব লগীয়া হৈছিল।

জ্যোথি ৰংগালা পেচাত এগৰাকী পৰ্বতাৰোহণৰ প্ৰশিক্ষক।সাহসী মহিলাগৰাকীৰ এনে যাত্ৰাই স্বাভাৱিকতে সকলোৰে হৃদয় চুই গৈছে।

Related News