• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাৰ নিৰ্বাচন : “হিমন্ত-বিহীন” কংগ্ৰেছে সাহস নকৰিলে প্ৰাৰ্থী দিবলৈ; হিমন্তই জিকাই আছিল বিৰোধীৰ ভোট আনি

নিশ্চিত হ'ল ড০ মনমোহন সিঙৰ দীঘলীয়া প্ৰতিনিধিত্বৰ অন্ত পৰাটো

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 28, 2019 6:41 pm
Manmohan Singh

ড০ মনমোহন সিং। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত খালী হোৱা ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল যদিও বিৰোধীক উৎসাহিত হোৱা দেখা নগ’ল। ফলত প্ৰাৰ্থী দিয়াৰ পৰা বিৰত থকা কংগ্ৰেছ আৰু এ আই য়ু ডি এফে শাসনাধিষ্ঠিত মিত্ৰ দলক বিনা যুদ্ধে দুয়োখন আসন এৰি দিয়াৰ দৰে হৈ পৰে।

আনহাতে বিৰোধী কংগ্ৰেছে প্ৰাৰ্থী আগ নবঢ়োৱাত অন্ত পৰাটো নিশ্চিত হ’ল প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ অসমক প্ৰতিনিধিত্বৰ দীঘলীয়া যুগৰ। ড০ সিঙে ১৯৯১ চনৰ পৰা মুঠ ৫বাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

Apply Now

তাৰ দুটা কাৰ্য্যকালৰ সময়ছোৱাত তেওঁ আছিল দেশৰ প্ৰধান মন্ত্ৰী।

অহা ১৪ জুনত ড০ মনমোহন সিঙৰ লগতে আন এজন কংগ্ৰেছৰ সাংসদ শান্তিয়াছ কুজুৰৰো কাৰ্য্যকাল অন্ত পৰিব।

দুয়োখন আসনৰ বাবে অহা ৭ জুনত নিৰ্বাচন অনুষ্ঠিত হ’ব, যাৰ বাবে শাসনাধিষ্ঠিত বিজেপি আৰু অগপ, দুয়োটা দলে বুজাবুজিৰে একোজনকৈ প্ৰাৰ্থী থিয় কৰাইছে। আজি বিজেপিৰ হৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু অগপৰ প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মনোনয়ন পত্ৰ দাখিল কৰে।

বিৰোধীয়ে কোনো প্ৰাৰ্থী নিদিয়াৰ প্ৰসংগত কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যৰ সৈতে যোগাযোগ কৰাত প্ৰয়োজনীয় সংখ্যক বিধায়ক নথকাকে কাৰণ বুলি কয়।

“কংগ্ৰেছৰ লগত মেজিক নম্বৰ নাই বাবে প্ৰাৰ্থী দিয়া নাই। ৰাজ্যসভাৰ এখন আসনত জয়ী কৰাবলৈ ৪৩গৰাকী বিধায়ক লাগিব, কিন্তু আমাৰ লগত ইমান বিধায়ক নাই। যদি প্ৰাৰ্থিত্ব থিয় কৰালো হেঁতেন তেন্তে হৰ্ছ ট্ৰেডিঙৰ সুবিধা দিয়া হ’ল হেঁতেন। সেয়েহে আমি ৰাজ্যসভাৰ নিৰ্বাচনৰ পৰা আঁতৰত আছো।” নৰ্থ-ইষ্ট নাওক জনালে দলটোৰ মুখপাত্ৰজনে।

অসম বিধানসভাত কংগ্ৰেছৰ বৰ্তমান ২৫জন বিধায়ক আছে। এ আই য়ু ডি এফৰ আছে ১৩জন। অৱশ্যে দুয়োটা দলৰ বিধায়কৰ মুঠ সংখ্যাও এজনক জয়ী কৰাবৰ বাবে প্ৰয়োজনীয় ভোটৰ (৪২) বাবে কম হয়।

উল্লেখ কৰিব পাৰি, বৰ্তমানৰ বিজেপি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা সময়ত প্ৰয়োজনীয় সংখ্যক বিধায়ক নথকা সত্ত্বেও কংগ্ৰেছে ২০০৯ চনৰ দুখন আসনত আৰু ২০১৪ চনত তিনিখন আসনত প্ৰাৰ্থী দি সেই সময়ত বিৰোধী (এ   আই য়ু ডি এফ) আৰু নিৰ্দলীয় বিধায়কৰ ভোটেৰে আটাইকেইজনক জয়ী কৰাবলৈ সক্ষম হৈছিল। চাৰিওপিনে হৰ্ছ ট্ৰেডিং কৰাৰ মুকলি অভিযোগে গণতান্ত্ৰিক ব্যৱস্থাটোক লৈ উদ্বেগৰ সৃষ্টি কৰিছিল।

এসময়ত প্ৰয়োজনীয় সংখ্যক বিধায়ক নথকা সত্ত্বেও নিজৰ প্ৰাৰ্থীক জিকাই আনিবলৈ সক্ষম হোৱা হিমন্তবিহীন কংগ্ৰেছে প্ৰাৰ্থী দিবলৈকে সাহস নকৰাটো লক্ষণীয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd