মাৰ্ঘেৰিটাত পথ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত মহিলা নিহত

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজি পুনৰ পথ দুৰ্ঘটনা। PB-11BU-5409 নম্বৰৰ ১৬ চকীয়া গাড়ীৰ খুন্দাত নিহত মহিলা হৈছে এগৰাকী মহিলা । কালি অন্য এক দুৰ্ঘটনাত এজন ব্যক্তিৰ মৃত্যু হৈছিল ।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ইণ্ডিয়া ক্লাবৰ সমীপৰ ৩১৫ নং ৰাষ্টীয় ঘাই পথত দুৰ্ঘটনা। PB-11BU-5409 নম্বৰৰ 16 চকীয়া গাড়ীয়ে মহটিয়ালে মাৰ্ঘেৰিটাৰ পৰা বৰগোলাই অভিমুখে স্কুটিৰে আহি থকা ৰাজু গুৰুং আৰু সৰিতা গুৰুং নামৰ দম্পতিক । গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় মহিলাগৰাকীৰ ।

একাংশ যুৱকে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ণ কৰা গাড়ীখন খেদি নি কিছু দূৰৈত জব্দ কৰি আৰক্ষীক গটাই দিয়ে । অৱশ্যে গাড়ীৰ চালক হেণ্ডিমেন পলায়ন কৰে ।

কালিও মাৰ্ঘেৰিটাৰ অন্য এক স্থানত সংঘটিত দুৰ্ঘটনাত এজন ব্যক্তিৰ মৃত্যু হৈছিল ।