NORTHEAST NOW (Assamese)

বোকাখাতত ধৰ্ষণকাৰীৰ বিৰুদ্ধে মহিলাৰ ধৰ্ণা

October 14, 2020 6:19 pm · উত্তম শইকীয়া

দেশত সংঘটিত ধাৰাবাহিক ধৰ্ষণৰ কাৰ্যৰ গৰিহনা দি ধৰ্ষণকাৰীৰ তাৎক্ষণিক শাস্তি দিয়াৰ দাবীত আজি বোকাখাতৰ কুৰুৱাবাহীৰ ভালেকেইটা মহিলা সংগঠনৰ প্ৰতিনিধিয়ে ৰজাবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত ধৰ্ণা কাৰ্যসূচী পালন কৰে।

ক’ভিড১৯ সংক্ৰমণ প্ৰতিৰোধৰ সকলো নীতি মানি, সীমিত সংখ্যক মহিলা প্ৰতিনিধিয়ে হাতে হাতে প’ষ্টাৰ লৈ ধৰ্ষণকাৰীৰ ক্ষেত্ৰত চৰকাৰে লোৱা শিথিল নীতিক তীব্র সমালোচনা কৰে।

তাৎপৰ্যপূৰ্ণ ভাৱে “ৰাম ৰাজ্য নেলাগে, সীতাৰ সতীত্বক সন্মান জনোৱা লংকাকে দিয়ক” ধৰণৰ ব্যতিক্রমী পোষ্টাৰেৰে সকলোকে আকৰ্ষিত কৰে প্ৰতিবাদী মহিলা সকলে।

মহিলা সকলৰ সৈতে কমিউনিষ্ট নেতা বলো বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিতু শইকীয়াৰ লগতে হীৰা গগৈয়েও সহযোগিতা আগবঢ়ায়।

প্ৰতিবাদী দলটোৰ নেতৃত্ব দিয়ে মমতা শইকীয়া গগৈয়ে।

Related News