বাগিচা অঞ্চলত আতঁৰাই নাই ভেকচিনকলৈ ভয়,কলিয়াবৰত ভেকচিন ল’বলৈ আহি মহিলাৰ অদ্ভুত আচৰণ

কলিয়াবৰৰ কুঢ়িমাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত ভেকচিন ল’বলৈ আহিছিল এগৰাকী মহিলা ।

ভেকচিন লোৱাৰ পাছতেই মহিলা গৰাকীয়ে অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰে ।

ভগৱান লম্ভা বুলি ভেকচিন কেন্দ্ৰৰ ভিতৰতে লম্প-জম্ফ কৰাত উপস্থিত ৰাইজে ল’লে আমোদ ।

আনহাতে কলিয়াবৰৰ ডিজুভেলী চাহবাগিচা অঞ্চলতো একেই পৰিবেশ ।

ভেকচিন নোলোৱাকৈ থকা প্ৰায় ১২ জনীয়া এটা পৰিয়ালৰ ঘৰত কলিয়াবৰ মহকুমা প্ৰশাসন, পুলিচ প্ৰশাসন আৰু স্বাস্থ্য কৰ্মীৰ এটা দল ভেকচিন দিবলৈ উপস্থিত হোৱাত এক অদ্ভুত পৰিবেশ সৃষ্টি হয় ।

অৱশেষত স্বাস্থ্য কৰ্মীৰ বুজনিত পতিয়ন গৈ ভেকচিন ল’বলৈ সন্মতি প্ৰকাশ কৰে পৰিয়ালৰ লোক সকলে ।

উল্লেখ্য বাগিচা অঞ্চলত আতঁৰাই নাই ভেকচিনকলৈ ভয়। প্ৰকৃত সজাগতা আৰু শিক্ষাৰ অভাৱতে তেনে হোৱা বুলি বহুতে মন্তব্য কৰিছে।