NORTHEAST NOW (Assamese)

লিডু ৰে’ল ষ্টেশ্যনত নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ কৰিলে তিনিগৰাকী যুৱতীক; এজনক গ্ৰেপ্তাৰ

September 20, 2018 8:35 pm · মানস প্ৰতিম গগৈ
Updated: September 20, 2018 8:46 pm

বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডু ৰে’ল ষ্টেশ্যনৰ পৰা আদিবাসী ছাত্ৰ সন্থাৰ সদস্যই আৰক্ষী আৰু আৰ পি এফৰ সহযোগত তিনি গৰাকী যুৱতী সহ হেমন্ত শৰ্মা নামৰ এজন নাৰী সৰবৰাহকাৰীক আটক কৰে৷

যুৱতী তিনি গৰাকী মাৰ্ঘেৰিটাৰ কেতেটঙৰ হাৱৈ পথাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যুৱতী কেইগৰাকীক চাকৰি দিয়াৰ উদ্দেশ্যেৰে দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি নিজ মুখে স্বীকাৰ কৰে নাৰী সৰবৰাহকাৰীৰ সন্দেহত আটক হোৱা হেমন্ত শৰ্মাই।

কিন্তু ইয়াৰ বিপৰীতে আদিবাসী ছাত্ৰ সন্থাৰ সদস্য সকলে যুৱতী তিনিগৰাকীক নাৰী ব্যৱসায়ত জড়িত কৰাৰ উদ্দেশ্যে দিল্লীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি মত প্ৰকাশ কৰে।

উল্লেখ্য যে অঞ্চলটোত এইদৰে পূৰ্বেও বেছি দৰমহাত চাকৰি দিয়াৰ প্ৰলোভনেৰে দৰিদ্ৰ পৰিয়ালৰ অসহায় যুৱতী সকলক বহিঃৰাজ্যলৈ লৈ গৈ দেহ ব্যৱসায়ত জড়িত কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে৷

Related News