মহিলাৰ সুৰক্ষাৰ প্ৰশ্ন তুলি উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা প্ৰিয়ংকা গান্ধীৰ

Women unsafe in Uttar Pradesh, says Priyanka Gandhi

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বৃহস্পতিবাৰে মহিলাৰ সুৰক্ষাৰ বিষয়টোক লৈ উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ সমালোচনা কৰে। ৰাজ্যখনত মহিলাসকল অসুৰক্ষিত বুলি তেওঁ অভিযোগ কৰে।

লক্ষ্ণৌৰ বাপু ভৱনৰ এজন বিষয়াই এগৰাকী ঠিকাভিত্তিক কৰ্মীক উৎপীড়ন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এই ভিডিঅ’ সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰচাৰ হোৱাৰ পিছত উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে কংগ্ৰেছ নেত্ৰী গৰাকী।

“সচিবালয় হওঁক, পথ হওঁক বা আন যিকোনো ঠাই হওঁক: উত্তৰ প্ৰদেশত মহিলাসকল অসুৰক্ষিত। এয়াই হৈছে ‘মহিলাৰ সুৰক্ষা’ সন্দৰ্ভত চৰকাৰৰ কৃতকাৰ্যতাৰ চমকৰ বাস্তৱতা।” গান্ধীয়ে এটা টুইটত কয়।

 

“উত্তৰ প্ৰদেশৰ এগৰাকী ভগ্নীয়ে তেওঁৰ যৌন নিৰ্যাতনৰ অভিযোগৰ ওপৰত প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ বাবে তেওঁৰ সৈতে ঘটা ঘটনাটোৰ এটা ভিডিঅ’ ভাইৰেল কৰিব লগা হৈছিল। তেওঁৰ কিমান ধৈৰ্য্য আৰু যুঁজ দিয়া ক্ষমতা থাকিব লাগিব।” কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়।

গান্ধীয়ে ৰাজ্যখনৰ মহিলাসকলক একত্ৰিত হ’বলৈ আৰু নিজৰ বাবে যুঁজ দিবলৈ আহ্বান জনাইছিল।

 

“আপুনি এগৰাকী ছোৱালী, আপুনি যুঁজিব পাৰে। দেশৰ সকলো মহিলাই আপোনাৰ সৈতে থিয় হৈ আছে।” তেওঁ কয়।

উল্লেখ্য যে কংগ্ৰেছে আইন-শৃংখলা আৰু মহিলাৰ সুৰক্ষাৰ বিষয়টোক লৈ উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰক সমালোচনা কৰি আহিছে।