আফগানিস্তানত ২৯ বছৰীয়া মহিলা মানৱাধিকাৰ কৰ্মীক হত্যা কৰিলে তালিবানে

আফগানিস্তানত নাৰী অধিকাৰৰ লগতে মানৱাধিকাৰৰ কথা কোৱা লোকসকল এতিয়া লক্ষ্য হৈ পৰিছে তালিবানৰ।

শেহতীয়াকৈ দেশ খনৰ আগশাৰীৰ মানৱাধিকাৰ কৰ্মী তথা অৰ্থনীতি বিষয়ৰ অধ্যাপিকা ফ্ৰজান ছাফিক তালিবান সন্ত্ৰাসবাদীয়ে হত্যা কৰিছে।

যোৱা ২০ অক্টোৱৰৰ পৰাই ২৯ বছৰীয়া ছাফি নিৰুদ্দেশ হৈ আছিল। শেহতীয়াকৈ দেশ খনৰ বলখ প্ৰদেশৰ চিকিৎসালয়ৰ মৰ্গত উদ্ধাৰ হৈছে।

মানৱাধিকাৰ কৰ্মীগৰাকীৰ ভগ্নী ৰীতাই প্ৰকাশ কৰা মতে তালিবান সন্ত্ৰাসবাদীয়ে ছাফিক অপহৰণ কৰি নি অকথ্য নিৰ্যাতন চলাইছিল। সন্ত্ৰাসবাদীয়ে গুলীৰে ছাফিৰ মুখ মণ্ডল চিনিব নোৱাৰা কৰি পেলোৱা বুলিও ৰীতাই প্ৰকাশ কৰে।

উল্লেখ্য তালিবানে দখল কৰা আফগানিস্তানত নাৰীৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ছাফি সৰৱ হৈ পৰিছিল।

তেওঁ মহিলাসকলৰ কেইবাটাও প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছিল।

সেইবাবে ছাফিয়ে আনকি টেলিফোনত মৃত্যুৰো ভাবুকি পাইছিল। ছাফিৰ সৈতে তালিবান সন্ত্ৰাসবাদীয়ে আন তিনিগৰাকী মহিলাকো একেলগে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য নিষ্ঠুৰ তালিবানে আফগানিস্তান দখল কৰাৰ পিছত দেশ খনৰ সাধাৰণ জনতাই এতিয়া নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে।

তালিবানে আফগান মহিলাসকলক ইছলামৰ দোহাই দি নানান অত্যাচাৰ কৰাৰ লগতে সংগীত উপভোগ কৰা লোকসকলকো এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

দেশ খনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আমৰুল্লা চালেহে শেহতীয়াকৈ টুইটাৰত তালিবানৰ নৃশংসতাৰ এক ভয়াৱহ ঘটনাৰ কথা উল্লেখ কৰিছিল।

প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে তেওঁৰ টুইটাৰত এইবুলি উল্লেখ কৰিছিল যে আফগানিস্তানৰ নানগাৰহাৰ প্ৰদেশৰ এখক বিবাহ অনুষ্ঠানত সমৱেত লোকসকলে গীত বজাই আছিল।

সেইসময়তে গীত বজোৱাৰ অপৰাধত তালিবানে বিবাহস্থলীত উপস্থিত হৈ যধে-মধে গুলীচালনা কৰিবলৈ ধৰে।

এই ঘটনাত ১৩ জন লোকৰ থিতাতে মৃত্যু ঘটিছিল।

তালিবানে সংগীত শুনাটো এক প্ৰকাৰ নিষিদ্ধ কৰিছে। সংগীত শুনাটো ইছলামৰ পৰিপন্থী বুলি তালিবানপন্থী সকলে কৈ আহিছে।