NORTHEAST NOW (Assamese)

ল’কাডাউনৰ মাজতে কোলাত কেঁচুৱা লৈ আঠদিন খোজকাঢ়ি পিতৃ গৃহত উপস্থিত হ’ল এগৰাকী মহিলা

April 3, 2020 1:23 pm · নিৰ্মলেন্দু পাঠক

চাৰিওফালে ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে সমগ্ৰ দেশত ল’ক ডাউন ঘোষণা কৰাৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা ১০০ কিল’মিটাৰ খোজকাঢ়ি যোৰহাট জিলাৰ মৰিয়নীত উপস্থিত হয় অঞ্জনা গগৈ নামৰ এগৰাকী মহিলা।

কোলাত এটি কনমানি লৈ ভোকে-পিয়াহে মৰিয়নীত উপস্থিত হোৱা স্বামীহীনা মহিলাগৰাকীক মৰিয়নীৰ কেইজনমান সাংবাদিকে বৃহস্পতিবাৰে উদ্ধাৰ কৰি আৰক্ষীৰ সহযোগত নিজ পিতৃগৃহত উপস্থিত হোৱাত সহায় কৰে।

ঘটনা অনুসৰি স্বামীহীনা মহিলাগৰাকীয়ে স্বামীগৃহৰ পৰিয়ালৰ একাংশৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি ল’কডাউনৰ বাবে গাড়ী-মটৰৰ নচলাত গোলঘাট জিলাৰ সৰুপথাৰৰ পৰা যোৰহাট জিলাৰ মৰিয়নীৰ হেমলাই মৰাণ গাঁৱৰ পিতৃ গৃহলৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰে।

ইফালে বৃহস্পতিবাৰে মৰিয়নী নগৰত উপস্থিত হোৱা অঞ্জনা গগৈ নামৰ মহিলা গৰাকীৰ প্ৰায় ডেৰ বছৰ মানৰ পূৰ্বে স্বামীৰ মৃত্যু হৈছিল।

স্বামীৰ মৃত্যুৰ পাছৰে পৰা পৰিয়ালৰ লোকে মহিলা গৰাকীক শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰাৰ অভিযোগ কৰিছে ভূক্তভোগী মহিলা গৰাকীয়ে।

দুৰ্ভগীয়া মহিলা গৰাকীয়ে এবছৰীয়া সন্তানক বুকুত সাৱতি মাতৃ গৃহলৈ বুলি ২৪ মাৰ্চ তাৰিখে স্বামীৰ ঘৰৰ পৰা ওলাই আহে।

কিন্ত ল’কডাউনৰ বাবে যান-বাহনৰ চলাচল বন্ধ হৈ থকাত যোৱা আঁ‌ঠদিনে সন্তানক কোলাত লৈ পিতৃগৃহলৈ খোজকাঢ়িয়ে ৰাওনা হয়।

সৰুপথাৰৰ পৰা প্ৰায় ১০০ কিলমিটাৰ পথ অতিক্ৰম কৰি অহা মহিলা গৰাকীয়ে পথৰ কাষৰ বিভিন্ন লোকৰ ঘৰত নিশা আশ্ৰয় লৈ বৃহস্পতিবাৰে মৰিয়নীত উপস্থিত হয়।

আনহাতে, ভোকে-পিয়াহে জৰ্জৰ মহিলা গৰাকীক মৰিয়নীৰ নগাধলি মছজিদৰ সমীপত একাংশ লোকে প্ৰত্যক্ষ কৰি সোধ-পোছ কৰি ঘটনাৰ সবিশেষ জানিব পাৰি মহিলাগৰাকীক আহাৰ প্ৰদান কৰাৰ লগতে মৰিয়নী আৰক্ষীক খবৰ দিয়ে।

পাছত মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক বৰাই তৎপৰতাৰে মহিলা গৰাকীক উদ্ধাৰ কৰি মৰিয়নী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি হেমলাই মৰান গাৱঁ‌ৰ মাতৃ গৃহ হেমলাই মৰান গাঁৱত থৈ যায়।

Related News