NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ নেচনেল প্লাইউদ ফেক্টৰীত শ্ৰমিকৰ প্ৰতিবাদ

August 28, 2020 8:10 pm · মানস প্ৰতিম গগৈ
Updated: August 28, 2020 8:22 pm

মাৰ্ঘেৰিটা নেচনেল প্লাইউদ ফেক্টৰিত আজি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। শ্ৰমিকে ফেক্টৰিৰ ভিতৰতে পুৱাৰ পৰা আবদ্ধ কৰি ৰাখিলে ফেক্টৰিটোৰ উচ্চপদস্থ বিষয়াসকলক।

ঘটনাস্থলীত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী তথা মহকুমা দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে যদিও বৰ্তমানেও অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে।

অভিযোগ মতে যোৱা লকডাউনৰ সময়ৰ পৰা প্ৰায় এক শতাধিকৰো অধিক শ্ৰমিকক ফেক্টৰি কৰ্তৃপক্ষই দিয়া নাই সম্পূৰ্ণ দৰমহা বিপৰীতে বিষয়াসকলে লাভ কৰি আছে সম্পূৰ্ণ দৰমহা।

ইয়াকে লৈ আজি পুৱাৰে পৰা মাৰ্ঘেৰিটা মাকুমপথাৰস্থিত নেচনেল প্লাইউদ ফেক্টৰিত সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশ।

শ্ৰমিকসকলৰ অভিযোগ ফেক্টৰিত কাম নাথাকিলেও দীৰ্ঘদিনে পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈকে ফেক্টৰিৰ ভিতৰতে আবদ্ধ কৰি ৰখা লগতে পুৱা জলপানৰ বাবে আৰু দুপৰীয়া আহাৰ বিৰতিও নিদিয়ে এই প্লাইউড ফেক্টৰিটোৱে।

অন্যহাতে ফেক্টৰিটোৰ উচ্চপদস্থ বিষয়াসকলে সম্পূৰ্ণ দৰমহা তথা অন্যান্য সুবিধাও লাভ কৰি আহিছে।

আজি ঘটনাস্থলীত উপস্থিত হোৱা মহকুমা আৰক্ষী বিষয়া আৰু দণ্ডাধীশে ফেক্টৰিটোৰ কলিকতাস্থিত মালিক আৰু উচ্চপদস্থ বিষয়াৰ লগত আলোচনামৰ্মে শ্ৰমিকসকলক জনায় যে অহা মাহৰ পৰা শ্ৰমিক সকলক সম্পূৰ্ণ দৰমহা আৰু অন্যান্য সুবিধা দিয়াৰ কথা মালিক কৰ্তৃপক্ষই জানিবলৈ দিছে লগতে অনাদায় দৰমহা দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

এই কথা অৱগত কৰাত শ্ৰমিকসকলে আজিৰ প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে।

শ্ৰমিক সকলে সংবাদমাধ্যমৰ আগত জনাই যে সময়ত ফেক্টৰি কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি সম্পূৰ্ণ নকৰিলে ইয়াৰ ফলত সৃষ্টি হ’ব লগা যি কোনো পৰিৱেশ-পৰিস্থিতিৰ বাবে নেচনেল প্লাইউদ ফেক্টৰি কৰ্তৃপক্ষ জগৰীয়া হ’ব।

উল্লেখ যে ফেক্টৰি কৰ্তৃপক্ষই শ্ৰমিক আইন সম্পূৰ্ণ ধোঁৱাচাঙত তোলাৰো অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Related News