NORTHEAST NOW (Assamese)

সুস্থিৰ পৰিকল্পনা প্ৰস্তুতৰে এখন সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে মাৰ্ঘেৰিটাত এদিনীয়া কৰ্মশালা

November 19, 2020 7:04 pm · মানস প্ৰতিম গগৈ
Updated: November 19, 2020 7:06 pm

গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা ২০২১- ২০২২ বিত্তীয় বৰ্ষৰ বাবে ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ অনুষ্ঠিত কৰা হ’ল বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী।

সাংবিধানিক মৰ্যাদা ৰক্ষা কৰি ৰাইজৰ অংশগ্ৰহণমূলক প্ৰক্ৰিয়াৰে সকলো ৰাইজৰ সহযোগত এখন সুস্থিৰ পৰিকল্পনা প্ৰস্তুত কৰিবৰ বাবে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান ডিব্ৰুগড় প্ৰবক্তা নিপেন হাজৰিকাৰ সহযোগত আৰু মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ভিতৰ পাৱৈ গাঁ‌ও পঞ্চায়তৰ উদ্যোগত তিনিখন পঞ্চায়ত ক্ৰমে মাকুম পথাৰ, কমাৰপাট্টি আৰু ভিতৰ পাৱৈত আজি দিনজোৰাকৈ  এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

 প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে স্নিগ্ধাশিখা চেতিয়া আৰু ৰুপম দাস।

সমল ব্যক্তি কেইগৰাকীয়ে এইবুলি আশা ব্যক্ত কৰে যে  ৰাইজৰ বোধগম্যতাৰ পৰিপ্ৰেক্ষিতত এক সুস্থিৰ আৰু সুন্দৰ পৰিকল্পনা প্ৰস্তুত হ’ব আৰু ৰাইজৰ অভাৱ অভিযোগ বোৰ দুৰ কৰিবলৈ প্ৰতিখন পঞ্চায়তে সফলভাবে ৰূপায়ণ কৰিব পাৰিব।

Related News