কৰ’নাৰ বিৰুদ্ধে যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়া কৰ’না যোদ্ধাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে।
২০২০-২১ শিক্ষাবৰ্ষত MBBS আৰু BDS পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত নতুন কেটেগৰি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনে।
সেই অনুসৰি, এই নতুন কেটেগৰিৰ নাম দিয়া হৈছে ‘Wards of COVID Warriors’। নতুন এই কেটেগৰি অনুসৰি মেডিকেল কলেজসমূহত MBBSপাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত কোভিড যোদ্ধাৰ সন্তানসকলৰ বাবে ৫খন আসন সংৰক্ষিত থাকিব।
কৰ’নাৰ বিৰুদ্ধে নিজৰ কৰ্তব্য পালন কৰিবলৈ যোৱাৰ সময়ত কৰ’নাৰ কবলত পৰি বহু চিকিৎসা কৰ্মীয়ে প্ৰাণ হেৰুওৱাবলগীয়া হৈছে। যাৰ ভিতৰত চিকিৎসক, নাৰ্ছ তথা আশা কৰ্মী আছে।
কেন্দ্ৰীয় চৰকাৰৰ এই ‘Wards of COVID Warriors’ কোটাত এইসকল কৰ’না যোদ্ধাৰ সন্তানসকলৰ বাবে মেডিকেলৰ আসন সংৰক্ষিত থাকিব। প্ৰতিখন মেডিকেল কলেজতে MBBS পাঠ্যক্ৰমত ৫খনকৈ আসন সংৰক্ষিত থাকিব। এই আসনৰ বাবে যোগ্য প্ৰাৰ্থী মেধাৰ তালিকাৰ ভিত্তিত নিৰ্বাচন কৰা হ’ব।
সম্প্ৰতি মেডিকেলত নামভৰ্তিৰ ক্ষেত্ৰত সৰ্বভাৰতীয় ভিত্তিত ১৫শতাংশ সংৰক্ষণ কোটাৰ ব্যৱস্থা আছে। ইয়াৰ ভিতৰতে ‘Wards of COVID Warriors’ নামেৰে নতুন কেটেগৰি অন্তৰ্ভুক্ত কৰা হৈছে।
সাংবাদিকৰ আগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে নিস্বাৰ্থভাৱে কৰ্তব্য সম্পাদন তথা মানৱতাৰ বাবে যিসকল কোভিড যোদ্ধাই তেওঁলোকৰ জীৱন পৰ্যন্ত আহুতি দিছে তেওঁলোকৰ প্ৰতি সন্মান জনাইয়ে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।