NORTHEAST NOW (Assamese)

জি আই এম টি, গুৱাহাটীত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত কৰ্মশালা

November 18, 2019 2:58 pm · এন ই নাও নিউজ

গুৱাহটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী (জি আই এম টি)ত ৬ দিনিয়া কাৰ্যসূচীৰে ‘Artificial Intelligence using Python’ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়।

প্ৰতিষ্ঠানটোৰ কম্পিউটাৰ এপ্লিকেচন বিভাগে আয়োজন কৰা কৰ্মাশালাখন যোৱা  ৪ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে চলে।

কৰ্মশালাৰ এটি দৃশ্য

চেণ্টাৰ অৱ এক্সিলেঞ্চ ফৰ এপ্লিকেচন চিক্যুৰিটি, নেশ্যনেল ইন্ফ’ৰ্মেটিকছ চেণ্টাৰৰ প্ৰাক্তন উপ সঞ্চালক প্ৰধান তথা অধ্যক্ষ দীপক গোস্বামীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালাখনত প্ৰতিষ্ঠানটোৰ MCA ৩য় আৰু ৫ম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

গোস্বামীৰ উপৰি জি আই এম টিৰ কম্পিউটাৰ এপ্লিকেচন বিভাগৰ মুৰব্বী অধ্যাপক এম আৰ সিংহই প্ৰাসংগিক প্ৰাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ জৰিয়তে উদ্যোগ আৰু শিক্ষাৰ মাজৰ ব্যৱধান নোহোৱা কৰাৰ ওপৰত গুৰুত্ব দিয়ে।

প্ৰতিষ্ঠানটোৰ কাৰিকৰী অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ঠুলেশ্বৰ নাথে উদ্বোধন কৰা কৰ্মশালাখনত কম্পিউটাৰ এপ্লিকেচন বিভাগৰ অধ্যাপক অৰ্ণৱ কুমাৰ দাস আৰু ৰাজশ্ৰী পালেও বিষয়টোৰ সম্পৰ্কে ভাষণ দিয়ে।

কৰ্মশালাৰ শেষত অংশগ্ৰহণকাৰী সকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।

Related News