বঙাইগাঁৱৰ ভূমিশ্বৰ-নাককাটি শাখা সাহিত্য সভাৰ উদ্যোগত থলুৱা গীতৰ কৰ্মশালা

বঙাইগাঁও জিলা সাহিত্য সভাৰ অন্যতম শাখা ভূমিশ্বৰ-নাককাটি শাখা সাহিত্য সভাৰ উদ্যোগত থলুৱা লোক – সংস্কৃতিৰ সংৰক্ষণ, প্ৰসাৰ আৰু প্ৰচাৰৰ ওপৰত এক বিশেষ সাংস্কৃতিক কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় ৷

এই বিশেষ সাংস্কৃতিক কৰ্মশালাৰ শুভাৰম্ভ উপলক্ষে এক উদ্ধোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

শাখাৰ সভাপতি ইন্দুমতী শইকীয়াই পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত এমাহ ধৰি চলিবলগীয়া কৰ্মশালাৰ বন্তি প্ৰজ্বলন কৰি বঙাইগাঁও কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড০ ৰূপাঞ্জলী দেৱূীয়ে থলুৱা গীত-মাতসমূহৰ লগত শিশুৰ চাৰিত্ৰিক বৈশিষ্ট সাঙোৰ খাই আছে বুলি কৈ এনে কৰ্মশালাই থলুৱা কৃষ্টি- সংস্কৃতি ৰক্ষাত অন্যতম ভূমিকা পালন কৰিব পাৰে বুলি উদ্যোক্তাসকলক সজাগ হৈ শিশুসকলক লক্ষ্যত উপনীত হ’বলৈ সকলো প্ৰয়াস কৰিবলৈ আহ্বান জনায়।

আনহাতে নিৰ্দ্দিষ্ট বক্তাৰ আসনৰ পৰা বিশিষ্ট লেখক গোপেশ্বৰ তালুকদাৰে থলুৱা সংস্কৃতিৰ অৱলুপ্তিৰ দিনত এনে কৰ্মই সকলোতে মান্যতা পাব বুলি আশা প্ৰকাশ কৰে ৷ কিয়নো আমি যদি এতিয়াই সজাগ নহও তেনেহ’লে অসমীয়া জাতিৰ দুৰ্দিন আহিবলৈ খুউব বেছি পৰ নালাগিব বুলি তেওঁৰ নিজৰ অনুভৱ ব্যক্ত কৰে।

ইপিনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰে উক্ত কৰ্মশালাই প্ৰভুত সম্ভাৱনা কঢ়িয়াই আনিছে বুলি কৈ উঠি অহা নৱ প্ৰজন্মই ইয়াৰ পূৰ্ণ সুযোগ ল’ব লাগে বুলি বক্তব্য ৰাখে।

আন এজন বিশিষ্ট লেখক নীৰেন চন্দ্ৰ দাসে মঞ্চত গীত পৰিৱেশন কৰোঁতে সাৱধান হ’ব লাগে বুলি কৈ একে কেইটা গীতকে সকলো শিল্পীয়ে পৰিৱেশন কৰিলে অন্য গীতসমূহ চৰ্চাৰ বাহিৰত থাকি যায় বুলি নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।

শাখাৰ সভাপতি ইন্দুমতী শইকীয়াই সভাপতিত্ব কৰা উদ্বোধনী সভাত সমল ব্যক্তি হিচাবে হেৰম্ব অধিকাৰী আৰু হলিৰাম নাথে কৰ্মশালাত সকলো ৰাইজৰ দিহা- পৰামৰ্শ বিচাৰে।

গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজিত কুমাৰ দাস , ৰীণা তালুকদাৰ ( বইটামাৰী), প্ৰিয়াংশু চৌধুৰী আৰু জুতিকা ৰায়ে (বঙাইগাঁও)। শেষত অসম সংগীতেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে।