অসমত উন্নয়নমূলক প্ৰকল্পৰ বাবে বিশ্ব বেংক, এছিয়ান ডেভেল’পমেন্ট বেংকৰ ২৮ হাজাৰ কোটি

adb-reuters

প্ৰতিনিধিত্বমূলক ফটো।

অসমৰ সৰ্বাংগীণ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত বিশ্বৰ আগশাৰীৰ সংস্থাসমূহে আগবঢ়োৱা পুঁজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসমে তুলনামূলকভাৱে ভাল প্ৰদৰ্শন দেখুৱাই আহিছে। সেয়েহে, বিশ্বৰ সাহায্যকাৰী সংস্থাসমূহে অসমৰ বিকাশৰ বাবে আৰু পুঁজি আগবঢ়াবলৈ আগবাঢ়ি আহিছে।

বিশ্ব বেংক, এছিয়ান ডেভেল’পমেন্ট বেংকে পুঁজি যোগান ধৰা পূৰ্বৰ প্ৰকল্পসমূহৰ ৰূপায়নত অসমে দেখুওৱা পাৰদৰ্শিতাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক এলানি নতুন প্ৰকল্পৰ বাবে প্ৰায় ২৮ হাজাৰ কোটি টকা মঞ্জুৰ কৰাৰ প্ৰক্ৰিয়া চলি আছে।

উক্ত প্ৰকল্প সমূহৰ বাবে বিশ্ব বেংক, এছিয়ান ডেভেল’পমেন্ট বেংক আৰু জাপান ইন্টাৰনেশ্যনেল কৰ্পোৰেশ্যন এজেন্সিয়ে পুঁজিৰ যোগান ধৰিব।

অসমৰ পৌৰনিগম উন্নয়ন প্ৰকল্পৰ বাবে বিশ্ব বেংকে আগবঢ়োৱা ১৪,০০ কোটি টকাৰ পুঁজিত নিটি আয়োগে অনুমোদন জনাইছে। আনহাতে, অসমৰ পথ যোগাযোগ উন্নয়নৰ বাবে এছিয়ান ডেভেল’পমেন্ট বেংকে আগবঢ়োৱা ৪,০০০ কোটি টকাৰ প্ৰকল্প ড’নাৰ মন্ত্ৰালয় আৰু পৰিবহন তথা ঘাইপথ মন্ত্ৰালয়ৰ অনুমোদনৰ বাবে অপেক্ষা কৰা হৈছে।

সেইদৰে, এছিয়ান ডেভেল’পমেন্ট বেংকে পুঁজি আগবঢ়াবলগীয়া ৩.২০০ কোটি টকীয়া ব্যয় সাপেক্ষ অসম শক্তি বিতৰণ পৰিবৰ্দ্ধন ব্যৱস্থাৰ বিতং প্ৰকল্প প্ৰতিবেদন ড’নাৰ মন্ত্ৰালয়ৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে।

তদুপৰি, পৰ্যটন খণ্ডত এছিয়ান ডেভেল’পমেন্ট বেংকে পুঁজি আগবঢ়োৱা ৭২০ কোটি টকাৰ ইন্টাৰনেশ্যনেল চাৰ্কিট ডেভেল’পমেন্ট প্ৰকল্পত বিদেশ মন্ত্ৰালয়ে অনুমোদন জনোৱাৰ উপৰি গৃহ মন্ত্ৰালয়ৰ পৰাও এন অ’চি লাভ কৰিছে।

ইপিনে, জাপান ইন্টাৰনেশ্যনেল কৰ্পোৰেশ্যন এজেন্সি(জাইকা)ৰ পৰিকল্পনাত অন্তৰ্ভুক্ত হৈছে অসম মীন উন্নয়ন আৰু জীৱিকা প্ৰকল্পৰ বাবে ৩,৪০০ কোটি টকাৰ প্ৰকল্প।

উক্ত প্ৰকল্পসমূহ সঠিকভাৱে আৰু সঠিক সময়ত ৰূপায়ন কৰিব পাৰিলে অসমৰ বিকাশত ই প্ৰকৃততেই প্ৰচুৰ অৰিহনা যোগাব আৰু আগন্তুক দিনত উন্নত আন্ত:গাঁথনিৰ ভিত্তিত নব্য পৰিকল্পনাৰ সুযোগ বৃদ্ধি পাব।