কৰ’না সংকটৰ মাজতে বিশ্ব বেংকৰ ঘোষণা; ভাৰতলৈ এক বিলিয়ন ডলাৰৰ পেকেজ

39499-world.bank252028129-20180125024356

কৰ’না মহামাৰীৰ সংকটৰ মাজতে ভাৰতক বিশ্ব বেংকে(world Bank)বৃহৎ সকাহ দিছে। চৰকাৰী আঁচনিৰ বাবে বিশ্ব বেংকে এক বিলিয়ন ডলাৰৰ পেকেজৰ কথা ঘোষণা কৰিছে।

সামাজিক সুৰক্ষাৰ বাবে আগবঢ়োৱা এই পেকেজ ভাৰতৰ বাবে ডাঙৰ সকাহ হ’ব।

ইয়াৰ পূৰ্বে ব্ৰিকছ দেশসমূহৰ নিউ ডেভেলপমেন্ট বেংকে এক আৰৱ ডলাৰৰ আপদকালীন সাহায্যৰ কথা ঘোষণা কৰিছিল।

সামাজিক সুৰক্ষাৰ বাবে আগবঢ়োৱা বিশ্ব বেংকৰ এক বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৭৬০০কোটি টকা দেশৰ কৰ’না আক্ৰান্ত ৰোগীৰ সেৱাত ব্যৱহাৰ হ’ব।

এই ধন কৰ’না সংক্ৰমিত ৰোগীৰ উন্নত পৰীক্ষা, কেভিড-১৯ হাস্পাতলৰ উন্নীতকৰণ আৰু লেবৰেটৰী নিৰ্মাণৰ কামত ব্যয় কৰিব পৰা যাব।

ইতিমধ্যে বিশ্ব বেংকে ২৫খন উন্নয়নশীল দেশক পেকেজ আগবঢ়োৱাৰ প্ৰস্তাৱ দিছিল।

ইয়াৰ পূৰ্বে নিউ ডেভেলপমেন্ট বেংক (NDB)য়ে ভাৰতক এক আৰৱ ডলাৰ সাহায্যৰ কথা ঘোষণা কৰি ভাৰতে যাতে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পাৰে আৰু মহামাৰীৰ পৰা হ’ব পৰা সামগ্ৰিক ক্ষতিৰ মোকাবিলা কৰিব পাৰে তাৰেই আশা কৰে।

আনহাতে, এছিয়ান ডেভেলেউপমেন্ট বেংকেও (ADB) কৰ’না সংকটৰ মোকাবিলা কৰিবলৈ ভাৰতক ১.৫ আৰৱ ডলাৰৰ পেকেজ দিয়াৰ কথা ঘোষণা কৰিছিল।

তেওঁলোকেও ভাৰতক কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে ইয়াৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এই ধনৰাশি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

ইপিনে, ভাৰতত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় ৮২হাজাৰ স্পৰ্শ কৰিছে। যোৱা ২৪ ঘন্টাত প্ৰায় ৪ হাজাৰ নতুন ঘটনা পোহৰলৈ আহিছে আৰু ৯৭জন লোকৰ মৃত্যু হৈছে।

শুকুৰবাৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, দেশত এতিয়া কৰ’না আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ৮১ হাজাৰ ৯৭০জন।

ইয়াৰ ভিতৰত ২৬৪৯জন ৰোগীৰ মৃত্যু হৈছে আৰু ২৭হাজাৰ ৯২০জন ৰোগী সুস্থ হৈ উঠিছে।