• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট শাখা সাহিত্য সভাৰ বিশ্ব গ্ৰন্থ দিৱস উদযাপন, ‘শুক্ল পক্ষৰ জোনাক’ উন্মোচন

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
April 24, 2019 8:15 am
world book day_FHT banner

ইন্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

927
VIEWS
Share on FacebookShare on Twitter

২৩ এপ্ৰিল অৰ্থাৎ মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট শাখা সাহিত্য সভাইও বিশ্ব গ্ৰন্থ দিৱস উদযাপন কৰে। উক্ত দিৱস উপলক্ষে বিয়লি ৩ বজাৰ পৰা পণ্ডিত হেমচন্দ্ৰ গোস্বামী ভৱনৰ প্ৰেক্ষাগৃহত এক সভা আয়োজন কৰা হয়।

শাখা সাহিত্য সভাৰ সভাপতি অপৰাজিতা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক সুনীল কুমাৰ ৰাজগুৰুৱে। সভাত নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰি জয়া গগৈ মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক দীপা বৰুৱাই গ্ৰন্থ চৰ্চাৰ সমান্তৰালভাৱে গ্ৰন্থগাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে।

তেওঁ আজি প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ যুগত ইণ্টাৰনেটে গ্ৰন্থ অধ্যয়ন সহজলভ্য কৰি তুলিছে যদিও গ্ৰন্থ অধ্যয়নৰ সুস্থ পৰিৱেশ আৰু প্ৰকৃত মাদকতা ৰাজহুৱা গ্ৰন্থগাৰতহে লাভ কৰিব পাৰি বুলি উল্লেখ কৰে।

সভাত শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰবীণ গ্ৰন্থ প্ৰকাশক ক্ষীৰোদ কুমাৰ গোস্বামী, বিশিষ্ট লেখক চিকিৎসক অজিত বৰুৱাই বিশ্ব গ্ৰন্থ দিৱসৰ তাৎপৰ্য সম্পৰ্কত বক্তব্য প্ৰদান কৰে।

আনহাতে উক্ত সভাতে গোলাঘাট চিনাতলী অঞ্চলৰ সাংস্কৃতিক কৰ্মী দেৱযানী দত্তৰ নাট্য সংকলন ‘শুক্লপক্ষৰ জোনাক’ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চলচিত্ৰ পৰিচালক দীনেশ গগৈয়ে। লগতে শাখা সাহিত্য সভাৰ প্ৰাচীৰ পত্ৰিকা “কাঁচলি” উন্মোচন কৰে ডাঃ অজিত বৰুৱাই। সভাত বহুসংখ্যক সাহিত্যনুৰাগী লোক উপস্থিত থাকে।

Recent News

কোটি কোটি টকাৰ গাড়ী আৰু ঘৰ! সংগতিবিহীন সম্পত্তি গোচৰত গ্ৰেপ্তাৰ সুন্দৰী কনিষ্টবল

কোটি কোটি টকাৰ গাড়ী আৰু ঘৰ! সংগতিবিহীন সম্পত্তি গোচৰত গ্ৰেপ্তাৰ সুন্দৰী কনিষ্টবল

কুকুৰে কিছুমান লোকক দেখিলেই ভুকিবলৈ আৰম্ভ কৰে : কিন্তু কিয়?

কুকুৰে কিছুমান লোকক দেখিলেই ভুকিবলৈ আৰম্ভ কৰে : কিন্তু কিয়?

মঙলবাৰে পেহেলগামত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰৰ কেবিনেট বৈঠক : ঘোষণা ওমৰ আব্দুল্লাৰ

মঙলবাৰে পেহেলগামত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰৰ কেবিনেট বৈঠক : ঘোষণা ওমৰ আব্দুল্লাৰ

গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা! এইখন শুভ আৰু অশুভৰ মাজৰ যুঁজ!

গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা! এইখন শুভ আৰু অশুভৰ মাজৰ যুঁজ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd