কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন : সদ্যজাত বিভাগীয় হাতী পোৱালী নামকৰণ

index.jpgvvv

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ বনাঞ্চলৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত বিশ্ব হস্তী দিৱস পালন কৰা হয়৷

এই উপলক্ষে আয়োজিত বিশেষ অনুষ্ঠানৰ আৰম্ভণিতে হস্তী দিৱস উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই হাতীৰ বিভিন্ন দিশ সামৰি সচিত্ৰ উপস্থাপন দাঙি ধৰেষ

ইয়াৰ পিছতে বিশ্ব প্ৰকৃতি নিধিৰ হৈ ড৹ প্ৰণৱ জ্যোতি বৰাই কাজিৰঙা কাৰ্বি আংলং হস্তী প্ৰকল্পৰ বিভিন্ন দিশ সামৰি সচিত্ৰ উপস্থাপন দাঙি ধৰে৷

অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, উপ বন সংৰক্ষক প্ৰদীপ কুমাৰ ব্ৰহ্ম আৰু খৰ্গ সিং ডেকাৰজা, জেষ্ঠ সাংবাদিক বুবুল দত্ত আৰু স্বপন নাথৰ লগতে বেচৰকাৰী সংগঠনৰ বিষয় ববীয়া, স্থানীয় সাংবাদিক আৰু বনকৰ্মী সকলো উপস্থিত থাকে৷

সঞ্চালক পি শিৱকুমাৰে অনুষ্ঠানত কাজিৰঙা কাৰ্বি আংলং হস্তী প্ৰকল্পৰ প্ৰয়োজনীয়তা আৰু সৰ্বসাধাৰণৰ কৰণীয় কাৰ্যৰ বিষয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷

সাংবাদিক বুবুল দত্ত, স্বপন নাথ নীলপদ্ম শৰমা, আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড৹ ৰথীন বৰ্মনে হাতী সংৰক্ষণৰ ওপৰত বক্তব্য ৰাখে৷

গোলাঘাটৰ অনাকেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কাজিৰঙাত ১৩ জুলাই পদ্মিনী নামৰ বিভাগীয় হাতীজনীয়ে জন্ম দিয়া হাতী পোৱালীটোৰ নাম পাহাৰী বুলি নামকৰণ কৰা হয়৷