NORTHEAST NOW (Assamese)

জিলা প্ৰশাসন আৰু বন বিভাগৰ উদ্যোগত শিৱসাগৰত বিশ্ব পৰিবেশ দিৱস পালন

June 6, 2019 10:10 am · এন ই নাও নিউজ
Updated: June 6, 2019 10:11 am

সমগ্র দেশ তথা ৰাজ্যেৰ লগত শিৱসাগৰ জিলাতো কালি অৰ্থাৎ যোৱা ৫ জুনত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে জিলা প্ৰশাসন আৰু বন বিভাগৰ উদ্যোগত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানটোত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত এছ লক্ষ্মণনে উপস্থিত সকলোকে বন সংৰক্ষণৰক এক দৈনন্দিন অভ্যাসত পৰিণত কৰিবলৈ আহ্বান জনায়। প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰা আৰু প্লাষ্টিকৰ পুনৰব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদানৰ লগতে তেওঁ সকলোকে যথাসম্ভৱ ৰাজহুৱা যাতায়ত ব্যৱস্থা ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ কম কৰাত অৰিহণা যোগাবলৈ কয়।

সভাত সমল ব্যক্তি হিচাপে ‘আৰণ্যক’ৰ মুখ্য কার্যবাহী বিষয়া বিভৱ তালুকদাৰ, ‘আৰণ্যক’ৰ হস্তি সংৰক্ষণ বিভাগৰ মুৰব্বী বিভূতি প্ৰসাদ লহকৰ আৰু বোম্বে নেচাৰেল হিষ্টৰি চচাইটিৰ জৈৱ বিজ্ঞানী ৰৌনাক ঘোষে পৰিবেশ সংৰক্ষণৰ বিভিন্ন দিশৰ লগতে মানুহ-জীৱজন্তুৰ সংঘৰ্ষ আৰু এই বছৰৰ আলোচ্য বিষয় ‘বায়ু প্ৰদূষণ’ৰ ওপৰত বক্তব্য ৰাখে।

তদুপৰি সভাত বন সংমণ্ডল বিষয়া জয়শ্ৰী নাইডিং, মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰ জ্যোতি মহন্ত ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা লেখক মনোজ বৰঠাকুৰ আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক উৎপল দত্তই পৰিৱেশ সংৰক্ষণৰ বিষয়ে বক্তৃতা দিয়ে।

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ‘বায়ু প্ৰদূষণ’ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এক প্ৰাচীৰ পত্ৰিকাৰ উন্মোচন কৰে অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাঙে। আনহাতে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলৰ দ্বাৰা আহোম ৰাজত্বৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ ঘটা বিভিন্ন ঐতিহাসিক, সামাজিক, ৰাজনৈতিক আৰু সংস্কৃতিক ঘটনা-পৰিঘটনা আৰু জিলাখনৰ বিভিন্ন ধৰ্মালম্বী লোকসকলৰ মাজত বৰ্তি থকা সাতমপুৰুষীয়া সদ্ভাৱ আৰু সম্প্ৰীতিৰ নিদৰ্শন প্ৰতিফলিত হোৱাকৈ কৰা দেৱাল অংকন উন্মোচন কৰে জিলা উপায়ুক্ত এছ লক্ষ্মণনে।

জিলা প্ৰশাসনৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়ববীয়া তথা স্থানীয় বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা কালিৰ সভাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যোৱা ৩ জুনত শিৱসাগৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়।

Related News