কৃষ্ণাইত বিশ্ব মৎস্য দিৱস উদযাপন

গোৱালপাৰাৰ জিলাৰ কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ গাৱঁত আজি দিন যোৰা কাৰ্যক্ৰমণিকাৰে বিশ্ব মৎস্য দিৱস উদযাপন কৰা হয়৷

গোৱালপাৰা জিলা মীন বিভাগৰ উদ্দ্যোগত ভেলাখামাৰ গাৱৰ ৰাস মন্দিৰৰ চৌহদত উদযাপিত হয় এই বিশ্ব মৎস্য দিৱস৷
এই উপলক্ষে স্থানীয় বিশিষ্ট ব্যক্তি কেশৱ শৰ্মাৰ সভাপতিত্ব এখন সভা অনুস্থিত হয় ৷

সভাত জিলা মীন উন্নয়ন বিষয়া ড°অনুপম শৰ্মাই সভাত উপস্থিত মীন পালকৰ লগতে স্থানীয় লোক সকলোক মীন পালনৰে স্বাৱলম্বিতা অৰ্জনৰ বাবে আহ্বান জনায় ৷

উল্লেখ্য যে ইতিমধ্যে ভেলাখামাৰ গাওঁত বিমল ৰায়ে ২০০৪ চনৰ পৰা গাওঁখনত আলংকাৰিক মাছৰ উৎপাদনৰে স্বাৱলম্বীতা লাভ কৰিবলৈ সক্ষম হয় ৷

ভাষণ প্ৰসংগত এই মন্তব্য কৰে জিলা মীন উন্নয়নৰ বিষয়া গৰাকীয়ে৷

আজিৰ সভা খনত ৰংজুলি মীন উন্নয়ন বিষয়া প্ৰসন্ন কলিতাৰ উপৰিও ভালে সংখ্যক বিভাগটাৰ বিষয়া কৰ্মচাৰীয় উপস্থিত থাকে৷

ইফালে আজি বিশ্ব মৎস্য দিৱসৰ লগত সংগতি ৰাখি সাংবাদিক নীলমণি শৰ্মা,অৱসৰপ্ৰাপ্ত মীন বিভাগৰ বিষয়া অনন্ত ৰায় আৰু আলংকাৰিক মাছ উৎপাদনৰে স্বাৱলম্বী হোৱা বিমল ৰায়ক মীন বিভাগৰ পৰা সম্বৰ্ধনা জনায় ৷

সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অৰূপ জ্যোতি দাসে৷