NORTHEAST NOW (Assamese)

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিশ্ব স্বাস্থ্য দিৱস উদযাপন

April 7, 2019 3:03 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: April 7, 2019 3:50 pm
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত গছ পুলি ৰোপন।

আজি ৭ এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস। সমগ্ৰ বিশ্বৰ লগতে আজি শিৱসাগৰতো বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয়। জিলা স্বাস্থ্য সমিতি আৰু ভাৰতীয় চিকিৎসা সন্থা, শিৱসাগৰ শাখাৰ উদ্যোগত আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত চিকিৎসালয়খনত ‘বিশ্ব স্বাস্থ্য দিৱস’ উদযাপন কৰা হয়। অনুষ্ঠান উদ্ধোধন কৰে ডিমৌ মডেল হাস্পাতালৰ উপ অধীক্ষক ডাঃ ৰূপম বৰকাকতীয়ে।

চিকিৎসালয়ৰ চৌহদত বৃক্ষ ৰোপণ কৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ গাণনিক মিন্তু দাসে।’বিশ্ব স্বাস্থ্য দিৱস’ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা  সভাত উপস্থিত থাকে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰিপুন বৰপূজাৰী, শিৱসাগৰ অসামৰি চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ ৰাজীৱ বৰুৱা,  ডাঃ অৰুণ মাধৱ বৰুৱাকে ধৰি চিকিৎসালয়খনৰ আন আন বিভাগৰ ডাক্তৰ,  নাৰ্চ আৰু বিষায়া কৰ্মচাৰীসকল। সভাত জিলা উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য সম্পৰ্কীয় ভালেকেইটা পৰামৰ্শ আগবঢ়ায়।

আনহাতে যোৱা ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈকে অনুষ্ঠিত হৈ থকা ‘স্বচ্চতাই সেৱা পেষক’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত চিকিসালয়ৰ চৌহদত ‘স্বচ্চতাৰ’ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে। চিকিৎসালয়ৰ নাৰ্চিং ষ্টাফ  আৰু নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ নাৰ্চ সকলে চিকিৎসালয়ৰ চৌহদত স্বচ্চতাৰ ওপৰত  দুখনকৈ বাটৰ নাট পৰিবেশন কৰে। বাটৰ নাট উদ্ধোধন কৰে চিকিৎসালয়ৰ মেট্ৰন জুতিকা গগৈ আৰু নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ বীনা বৰুৱাই। আনহাতে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে নাৰ্চিঙৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰংগোলী প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।

Related News