• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিশ্ব স্বাস্থ্য দিৱস উদযাপন

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , April 7, 2019 3:50 pm

2 min read

World health Day

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত গছ পুলি ৰোপন।

454
VIEWS
Share on FacebookShare on Twitter

আজি ৭ এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস। সমগ্ৰ বিশ্বৰ লগতে আজি শিৱসাগৰতো বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয়। জিলা স্বাস্থ্য সমিতি আৰু ভাৰতীয় চিকিৎসা সন্থা, শিৱসাগৰ শাখাৰ উদ্যোগত আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত চিকিৎসালয়খনত ‘বিশ্ব স্বাস্থ্য দিৱস’ উদযাপন কৰা হয়। অনুষ্ঠান উদ্ধোধন কৰে ডিমৌ মডেল হাস্পাতালৰ উপ অধীক্ষক ডাঃ ৰূপম বৰকাকতীয়ে।

চিকিৎসালয়ৰ চৌহদত বৃক্ষ ৰোপণ কৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ গাণনিক মিন্তু দাসে।’বিশ্ব স্বাস্থ্য দিৱস’ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা  সভাত উপস্থিত থাকে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰিপুন বৰপূজাৰী, শিৱসাগৰ অসামৰি চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ ৰাজীৱ বৰুৱা,  ডাঃ অৰুণ মাধৱ বৰুৱাকে ধৰি চিকিৎসালয়খনৰ আন আন বিভাগৰ ডাক্তৰ,  নাৰ্চ আৰু বিষায়া কৰ্মচাৰীসকল। সভাত জিলা উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য সম্পৰ্কীয় ভালেকেইটা পৰামৰ্শ আগবঢ়ায়।

আনহাতে যোৱা ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈকে অনুষ্ঠিত হৈ থকা ‘স্বচ্চতাই সেৱা পেষক’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত চিকিসালয়ৰ চৌহদত ‘স্বচ্চতাৰ’ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে। চিকিৎসালয়ৰ নাৰ্চিং ষ্টাফ  আৰু নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ নাৰ্চ সকলে চিকিৎসালয়ৰ চৌহদত স্বচ্চতাৰ ওপৰত  দুখনকৈ বাটৰ নাট পৰিবেশন কৰে। বাটৰ নাট উদ্ধোধন কৰে চিকিৎসালয়ৰ মেট্ৰন জুতিকা গগৈ আৰু নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ বীনা বৰুৱাই। আনহাতে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে নাৰ্চিঙৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰংগোলী প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd