NORTHEAST NOW (Assamese)

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰাকৃতিক চিকিৎসা কৰ্মশালা সম্পন্ন

April 7, 2025 8:16 pm · এন ই নাও নিউজ, গুৱাহাটী

সুস্থ আৰম্ভণি, আশাপূৰ্ণ ভৱিষ্যৎ: গৰ্ভাৱস্থাৰ পিছত মহিলাৰ দীৰ্ঘম্যাদী স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত অগ্ৰাধিকাৰ শীৰ্ষক বিষয়বস্তুৰে সমগ্ৰ বিশ্বতে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগেও গুৱাহাটীৰ ৰূপনগৰত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰাকৃতিক চিকিৎসা কৰ্মশালাৰ আয়োজন কৰে। কৰ্মশালাখন পুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

কৰ্মশালাখন বিশ্ববিদ্যালয়খনৰ স্বাস্থ্য-শিক্ষা আৰু গৱেষণা সঞ্চালক ড°অমল চন্দ্ৰ কটকী, সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈ আৰু যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ মুৰব্বী ড° উজ্জ্বল অৰুণ মাস্কেৰ উপস্থিতিত উদ্বোধন কৰা হয়। ড° কটকীয়ে গৰ্ভাৱস্থাৰ পিছত মহিলা আৰু নৱজাতকৰ স্বাস্থ্যৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ লগতে কয় যে আমাৰ আধুনিক স্বাস্থ্য সেৱা ব্যৱস্থাই এই দিশত যথাসাধ্য চেষ্টা চলাই আছে।

ড° কটকীয়ে সকলো চিকিৎসক তথা অনুশীলনকাৰীক এলোপেথিক পদ্ধতিৰ লগতে যোগ আৰু প্ৰাকৃতিক চিকিৎসাকো এক পৰিপূৰক চিকিৎসা হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈয়েও বিভিন্ন প্ৰতিষ্ঠানৰ পৰা অহা অংশগ্ৰহণকাৰীসকলক প্ৰাকৃতিক চিকিৎসাৰ ক্ষেত্ৰখন উন্নতিৰ বাবে পৰস্পৰে নিজৰ অভিজ্ঞতাৰ আদান-প্ৰদান কৰিবলৈ আহ্বান জনায়।

কৰ্মশালাখনত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়, নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, মালিগাঁৱৰ ইণ্ডিয়ান যোগ কালচাৰ এণ্ড যোগ থেৰাপী চেণ্টাৰ আৰু অন্যান্য যোগ কেন্দ্ৰ তথা প্ৰতিষ্ঠানৰ ১০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।

কৰ্মশালাখনৰ আঁত ধৰে বিভাগটোৰ সহকাৰী অধ্যাপক ড° মাধন বড়াই৷ কৰ্মশালাখনৰ জল চিকিৎসাৰ কাৰিকৰী অধিৱেশন পৰিচালনা কৰে সহকাৰী অধ্যাপক বৰ্ষা মাস্কেই, মৃত্তিকা থেৰাপিৰ  অধিৱেশন পৰিচালনা কৰে সহকাৰী অধ্যাপক ড° মাধন বড়াই, মাছাজ থেৰাপি অধিৱেশন পৰিচালনা কৰে সহকাৰী অধ্যাপক ড° ডনিৰুং ৰিয়াঙে, আৰু আৰ্থ- এয়াৰ চিকিৎসাৰ অধিৱেশন পৰিচালনা কৰে ৰবি প্ৰসাদ শৰ্মাই৷  বক্তৃতা অধিবেশনসমূহৰ উপৰিও কেওটা চিকিৎসা সম্পৰ্কত তিনি ঘন্টীয়া ব্যৱহাৰিক কৰ্মশালাও অনুষ্ঠিত কৰা হয়।

সামৰণি অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক বলিনাৰায়ণ ফুকন উপস্থিত থাকি বৰ্তমান সময়ত প্ৰাকৃতিক চিকিৎসাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷

Related News