বিশ্বজুৰি এতিয়া চৰম খাদ্য সংকটে দেখা দিছে। ভয়াৱহ ক্ষুধাৰ গ্ৰাসত পৰিবলৈ ওলাইছে সমগ্ৰ বিশ্ব। যোৱা প্ৰায় দুই বছৰ ধৰি ক’ভিড মহামাৰীয়ে বিশ্বৰ অৰ্থনীতি থান বান কৰি দিলে, তাৰপাছত আহিল ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। এইসমূহৰ ফলত বিশ্বজুৰি এতিয়া মূল্যবৃদ্ধিৰ জোৱাৰ উঠিছে।
ইয়ালৈ লক্ষ্য ৰাখি মোদী চৰকাৰে বিশ্ব সম্প্ৰদায়ক শেহতীয়াকৈ এটা প্ৰস্তাৱ আগবঢ়াইছে। কি এই প্ৰস্তাৱ? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।
প্ৰথমতে চাও আহক, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত কিয় এই খাদ্য সংকটে দেখা দিছে। ইয়াৰ কাৰণ হ’ল যুদ্ধত অৱতীৰ্ণ হোৱা দুয়োখন দেশ হৈছে বিশ্বৰ অন্যতম খাদ্য সামগ্ৰীৰ যোগান ধৰা দেশ।
ঘেঁহু, গোমধান, যৱ ইত্যাদি মূল শস্যসমূহৰ ক্ষেত্ৰত ইউৰোপৰ চহকী দেশসমূহ এই দুইখন দেশৰ ওপৰত ব্যাপক পৰিমাণে নিৰ্ভৰশীল। এতিয়া যুদ্ধকালীন পৰিস্থিতিত ই ব্যাহত হৈ পৰিছে। ফলস্বৰূপে এইসমূহ শস্য সামগ্ৰী প্ৰকৃত আৰু চলিত দামতকৈ অধিক দামত ক্ৰয় কৰিবলগা হৈছে।
ইতিমধ্যে ৰাষ্ট্ৰসংঘইও এই বিষয়ে তথ্য দাঙি ধৰিছে। ৰাষ্ট্ৰসংঘৰ মতে, ১৯৯০ চনৰ পাছত ২০২২ চনত এনেধৰণে ভয়ানক পৰিমাণে মূল্যবৃদ্ধি হ’ব ধৰিছে। উল্লেখ্য যে ১৯৯০ চনত বিশ্বজুৰি ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে এনেধৰণে মূল্যবৃদ্ধি ঘটিছিল।
এই ৰাজনৈতিক ঘটনাৱলীসমূহ আছিল- ছোভিয়েট ইউনিয়ন ভংগ, মধ্যপ্ৰাচ্যৰ গাল্ফ যুদ্ধ, ভাৰতৰ অৰ্থনৈতিক দুৰ্দশা ইত্যাদি। এতিয়া সুদীৰ্ঘ বত্ৰিশ বছৰৰ পাছত এনেধৰণে খাদ্যশস্যৰ মূল্যবৃদ্ধি ঘটাত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ভয়ানক ক্ষুধাৰ পৰা বিশ্ববাসীক কোনে উদ্ধাৰ কৰিব? তালৈ লক্ষ্য ৰাখিয়ে মোদী চৰকাৰে কৈছে যে ভাৰতে এই সময়ছোৱাত সমগ্ৰ বিশ্বকে খাদ্য-শস্যৰ যোগান ধৰিব পাৰিব।
চলিত মাহৰ প্ৰথমফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ মাজত ভাৰ্চুৱেল বাৰ্তালাপ হৈছিল। তাতো মোদীয়ে বাইডেনক এই প্ৰস্তাৱ আগবঢ়াইছিল।
মোদীয়ে কৈছিল যে ভাৰতত খাদ্য-শস্যৰ উভৈনদী অৱস্থা। ভাৰতৰ জনসাধাৰণৰ বাবে পৰ্যাপ্ত পৰিমাণে খাদ্য-শস্য মজুট আছে। যদি বিশ্ব বাণিজ্য সংস্থাই ভাৰতক অনুমতি দিয়ে, তেন্তে সমগ্ৰ বিশ্বজুৰি ভাৰতে এয়া যোগান ধৰিব পাৰিব।
মোদীৰ পাছতে ভাৰতীয় কূটনীতিবিদ স্নেহা ডুবেইও ৰাষ্ট্ৰসংঘৰ মজিয়াত এই প্ৰস্তাৱ আগবঢ়াইছে। তেওঁ তথ্য দাঙি ধৰিছে, ইয়াৰ পূৰ্বেও বিশ্বৰ ভিন ভিন পৰিস্থিতিত ভাৰতে এইধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
ইয়াৰ ভিতৰত অন্যতম হৈছে আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ সময়ত উদ্ভৱ হোৱা সংকটৰ সময়ত ভাৰতে ৫০ হাজাৰ মেট্ৰিক টন ঘেঁহুৰ যোগান ধৰিছিল। তদুপৰি ভাৰতে ম্যানমাৰ, শ্ৰীলংকাকো এইধৰণে সহায় কৰি আহিছে।
উল্লেখ্য যে ভাৰতক এখন কৃষিপ্ৰধান দেশ হিচাপেই গণ্য কৰা হয়। ঘেঁহু আৰু ধান উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰত দ্বিতীয় স্থানত আছে। সেইবাবেই অতি কম মূল্যত ভাৰতে বিশ্বৰ ৭০খন দেশক ঘেঁহু আৰু ১৫০ খন দেশক ধানৰ যোগান ধৰি আহিছে।
এইসমূহেই আত্মবিশ্বাসী কৰি তুলিছে মোদী চৰকাৰক। বিশ্বগুৰু হ’বলৈ হ’লে ভাৰতে বিশ্বক খোৱাবও লাগিব। এইধৰণেই পৰিকল্পনা কৰিছে চৰকাৰে।
এইখিনিতে আহক মূল প্ৰশ্নলৈ। বিশ্ববাসীৰ খোৱা-লোৱাৰ কথা চিন্তা কৰা মোদী চৰকাৰে নিজৰ দেশৰ জনতাৰ কথা কিমান চিন্তা কৰিছে? দেশত এতিয়া মূল্যবৃদ্ধি তুংগত, ভয়াৱহ ক্ষুধাৰ গ্ৰাসত দেশবাসী, জীৱিকাহীন হৈ পৰি ৰৈছে অজস্ৰজন। খাদ্যশস্য, তেল, ইন্ধন এতিয়া চৰাদামত ক্ৰয় কৰি আছে দেশৰ জনতাই।
শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা BBC ত এখন প্ৰতিবেদন প্ৰকাশ পাইছে। ভাৰতৰ চৰকাৰী বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনক লৈ প্ৰতিবেদক আস্থা ৰাজবংশীৰ এই প্ৰতিবেদনখনত কিন্তু হতাশজনক প্ৰতিচ্ছৱি এখনহে ফুটি উঠিছে। মধ্যাহ্ন ভোজন আঁচনি বিশ্বৰ ভিতৰতে এখন অভিলাসী আঁচনি।
প্ৰায় এক শতক পূৰ্বে ১৯২৫ চনত চেন্নাইত আৰম্ভ কৰা এই মধ্যাহ্ন ভোজন আঁচনিয়ে ১১৮ মিলিয়ন দৰিদ্ৰ ভাৰতীয় ছাত্ৰক ভোক নিবাৰণ কৰি আহিছে। আন দেশসমূহতকৈ এই মধ্যাহ্ন ভোজন আঁচনি এইবাবেই সুকীয়া যে ইয়াক ভাৰতৰ সংবিধানৰ খাদ্য সুৰক্ষা আইনৰ ভিত্তিত গ্ৰহণ কৰা হৈছে।
সেই অনুসৰি ভোকাতুৰ শিশুক খাদ্যৰ যোগান ধৰাটো শিক্ষা বিভাগ, ৰাজহুৱা বিতৰণ বিভাগ আৰু শিশু কল্যাণ বিভাগৰ এটা আইনী দায়িত্ব। অৰ্থনীতিবিদ আৰু শিক্ষাবিদসকলেও এই আঁচনিক সেয়ে উচ্চ প্ৰশংসা কৰি আহিছে।
ক’ভিড মহামাৰীৰ পাছত এতিয়া পুনৰ এই আঁচনি আৰম্ভ কৰা হৈছে। মূলতঃ বিৰোধী নেতৃ ছোনিয়া গান্ধীৰ আহ্বানতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে, মোদী চৰকাৰৰ দিনতে ভাৰতত ক্ষুধাতুৰ লোকৰ সংখ্যা তড়িৎ গতিত বৃদ্ধি পাইছে। তথ্য অনুসৰি, ভাৰতৰ ক্ষুধাতুৰ লোকৰ সংখ্যা ২০০ মিলিয়ন লোকতকৈও অধিক। যোৱা বৰ্ষৰ গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতে সেয়ে ১১৬ খন দেশৰ ভিতৰত ১০১ নম্বৰ স্থান লাভ কৰিছে।
আনকি কাষৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, নেপাল আৰু পাকিস্তানতকৈও ভাৰত তলত আছে। আনহাতে, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপে ২০১৯ চনৰ পৰা ২০২১ চনৰ এটা সমীক্ষা চলাইছিল। সমীক্ষাটোত পোৱা গৈছে যে পাঁচ বছৰৰ বয়সৰ তলৰ ভাৰতৰ এক তৃতীয়াংশ শিশু অপুষ্টিত ভুগি আহিছে।
আনকি চহকী ৰাজ্য মহাৰাষ্ট্ৰ আৰু কেৰালাতো এই অপুষ্টিয়ে দেখা দিছে। এইসমূহৰ বাবেই মধ্যাহ্ন ভোজন আঁচনি গুৰুত্বপূৰ্ণ হৈ পৰিছে।
মধ্যাহ্ন ভোজন আঁচনিৰ উপৰিও দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে অন্তোদয়া অন্ন যোঁজনাও আছে। ২০০০ চনত মুঠ ১০ মিলিয়ন দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক সামৰি লৈ কেন্দ্ৰীয় চৰকাৰে এই আঁচনি গ্ৰহণ কৰিছিল। এতিয়া দুই দশক পাছত, এই দহ মিলিয়ন দুগুণ হৈ পৰিল।
তথ্য অনুসৰি, এই আঁচনিয়ে এতিয়া ২০ মিলিয়ন লোকক পোহপাল দিব লগা হৈছে। অৰ্থাৎ ভাৰতত দৰিদ্ৰতা কমা নাই, বৰঞ্চ বৃদ্ধিহে পাইছে!
এতিয়া প্ৰশ্ন হয়, বিশ্ববাসীক দুৰ্দশাৰ পৰা মুক্ত কৰিবলৈ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হ’ব বিচৰা মোদী চৰকাৰে দেশৰ ক্ষুধাতুৰ জনতাৰ মুক্তিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে?
বিশ্ববাসীৰ ভোক গুচাবলৈ ৰাওনা হোৱা ভাৰত চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিকে ধৰি জনকল্যাণমূলক আঁচনিসমূহ সুচাৰুৰূপে সংস্কাৰ কৰাত গুৰুত্ব দিছে নে?
এই আঁচনিসমূহৰ নামত অজস্ৰ দুৰ্নীতি-অনিয়ম চলি আহিছে। ইয়াৰ ফলত দৰিদ্ৰ জনতাই প্ৰাপ্যৰ পৰা বঞ্চিত হ’ব লগাও হৈ আহিছে। তেনেস্থলত ভাৰতে অকলেই বিশ্বৰ ভোক নিবাৰণ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাংকোপ মৰাটো সমিচীন হৈছেনে?
খাবলৈ নাই খুদকণ, পিছে বৰ সবাহলৈ মন; আগফালে মাৰো দাং-পাছফালে ধোবাং বাং এইধৰণৰ কথা কাণ্ডৰ উদাহৰণ দাঙি ধৰিছে নেকি মোদী চৰকাৰে?