ভাৰতৰ নিত্য বিস্ফোৰিত হৈ থকা জনসংখ্যাই দেশৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। সীমিত সম্পদৰ ওপৰত নিৰ্ভৰশীল সীমাহীন জনসংখ্যাই দেশত খাদ্য সংকট, পৰিৱেশ প্ৰদূষণ, নিবনুৱা সমস্যা, শিক্ষাৰ অভাৱ আৰু মুদ্ৰাস্ফীতি আদিৰ দৰে সমস্যাৰ সৃষ্টি কৰিছে। কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্বই এই সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আৰু ইয়াৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিবলৈ ১৯৮৯ চনৰ ১১ জুলাইত “বিশ্ব জনসংখ্যা দিৱস” আৰম্ভ কৰা হয়। কিন্তু ইয়াৰ পৰা ভাৰতৰ কিবা লাভ হৈছে নে? আজি আমি এই প্ৰতিবেদনত জনসংখ্যাৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা আলোকপাত কৰিবলৈ ওলাইছো। লগতে আমি ভাৰতৰ দৃষ্টিকোণৰ পৰা বিশ্ব জনসংখ্যা দিৱসৰ বিষয়ে গুৰুত্বও চুই চাবলৈ চেষ্টা কৰিম।
চন ১৯৮৭। যেতিয়া বিশ্বৰ মুঠ জনসংখ্যাই পাঁচ বিলিয়ন গ্ৰাফ অতিক্ৰম কৰিছিল, তেতিয়া ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰি আৰু সকলো দেশৰ পৰামৰ্শ গ্ৰহণ কৰি ১৯৮৯ চনৰ ১১ জুলাইত প্ৰথমবাৰৰ বাবে বিশ্ব জনসংখ্যা দিৱস উদযাপন কৰিছিল। বিশ্ব জনসংখ্যা দিৱস সফল কৰিবলৈ ৰাষ্ট্ৰসংঘই বিভিন্ন কাৰ্যসূচী আৰু অভিযানো আৰম্ভ কৰে।
বিশ্ব জনসংখ্যা দিৱসৰ প্ৰেক্ষাপটত ভাৰতৰ উদ্বেগ চিন্তনীয়। কাৰণ ভাৰতত বিশ্বৰ মাত্ৰ ২.৪ শতাংশ ভূমি আছে, আৰু বিশ্বৰ ১৮ শতাংশ জনসংখ্যা ভাৰতত বাস কৰে। তথ্য অনুসৰি ২০০১ চনৰ পৰা ২০১১ চনৰ লোকপিয়লৰ মাজত দেশত প্ৰায় ১৮ শতাংশ জনসংখ্যা বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘৰ এক হিচাপ অনুসৰি যদি ভাৰতৰ জনসংখ্যা এই হাৰত বৃদ্ধি পাই থাকে তেন্তে ২০২৩ চনৰ শেষত ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল দেশত পৰিণত হ’ব। যদি এনে হয়, তেন্তে দেশত খাদ্য সংকট, নিবনুৱা সংকট, চিকিৎসা আৰু স্বাস্থ্য সংকট, জল সংকটৰ দৰে সমস্যাই বৃহৎ পৰিসৰত উদ্ভৱ হ’ব। প্ৰব্ৰজন, তথা আহাৰৰ অভাৱত মানুহ অসহায় হৈ পৰিব। প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আশংকাও সৃষ্টি হ’ব।
এতিয়া আহো দেশৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন আৰু এই নীতিৰ ওপৰত চলি থকা ৰাজনীতিৰ কথালৈ। দেশৰ ক্ৰমবৰ্ধমান জনসংখ্যাক লৈ কেইবাটাও দশক পূৰ্বে উদ্বেগ প্ৰকাশ কৰা হৈছিল। ক্ষমতাত বহি থকা দল আৰু বিৰোধী দল দুয়োটাই জনসংখ্যা নিয়ন্ত্ৰণ আইন অনাৰ কথাও আলোচনা কৰিলে। কিন্তু ইন্দিৰা গান্ধীৰ দিনৰ পৰা দেশত জনসংখ্যা নিয়ন্ত্ৰণ আইন কাৰ্যকৰী কৰা হৱা নাই। আৰু এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰেও আইন কাৰ্যকৰী কৰাৰ সাহস গোটাব পৰা নাই।
২০১৯ চনৰ জনসংখ্যা নিয়ন্ত্ৰণ বিলত কোৱা হৈছে যে প্ৰত্যোক দম্পতীয়ে দুটা সন্তানৰ নীতি গ্ৰহণ কৰিব লাগিব, অৰ্থাৎ দুটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব। কিন্তু এই নীতিৰ বিৰোধিতা কৰাসকলে কয় যে ১৯৬৯ চনৰ DECLARATION OF SOCIAL PROGRESS AND DEVELOPMENT ৰ ২২ নং অনুচ্ছেদ অনুসৰি বিবাহিত দম্পতীৰ নিজৰ ইচ্ছা অনুযায়ী সন্তান জন্ম দিয়াৰ স্বাধীনতা আছে। এই আইনৰ বিৰোধিতা কৰাসকলে কয় যে শিশুৰ সংখ্যা নিয়ন্ত্ৰণ কৰাটো ১৬ নং অনুচ্ছেদ অৰ্থাৎ ৰাজহুৱা কৰ্মসংস্থাপনত অংশগ্ৰহণ আৰু ২১ নং অনুচ্ছেদ অৰ্থাৎ জীৱন আৰু স্বাধীনতাৰ সুৰক্ষাৰ দৰে সাংবিধানিক অধিকাৰক উলংঘা কৰে। স্বাধীনতাৰ পিছত ৩৫ বাৰ সংসদত TWO CHILD POLICY BILL উত্থাপন কৰা হৈছে যদিও প্ৰতিবাৰেই আইনী মেৰপেচত হেৰাই থাকে।
ভাৰতত বিভিন্ন ধৰ্মৰ লোক বাস কৰে। আৰু এই আইনৰ বিধানসমূহে তেওঁলোকৰ ধৰ্মীয় বিশ্বাসত আঘাত সানিব বুলি ইয়াৰ বিৰোধিতা কৰে। ইয়াৰ পিছত আৰম্ভ হয় ৰাজনীতি। আইনৰ বিৰুদ্ধে বহু যুক্তি দিয়া হয়। ইয়াৰ পিছত এই আইনখন পুনৰ বাতিল কৰি দিয়া হয়। এতিয়া প্ৰশ্ন উত্থাপন হয় ভাৰতত জনসংখ্যা বৃদ্ধিত লেকাম লাগিবনে? ৰাষ্ট্ৰসংঘৰ দাবী অনুসৰি ২০২৩ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হ’ব নেকি?
উত্তৰটো চাগে হয়…কাৰণ গণতন্ত্ৰত ক্ষমতাৰ ভিত্তি হ’ল ভোট বেংক। প্ৰতিজন ৰাজনীতিবিদক সৰ্বাধিক ভোটৰ প্ৰয়োজন। সেইবাবেই ৰাজনীতিবিদসকলে জাতিগত-জনগোষ্ঠীগত জনগণনা চলোৱাৰ দাবী কৰে। এইটো স্পষ্ট যে সকলো দলৰ ৰাজনীতিবিদে বৃদ্ধি পোৱা জনসংখ্যাক নিজৰ ক্ৰমবৰ্ধমান জনভিত্তি তথা ভোটবেংক হিচাপে ধৰি লৈছে।