বিশ্বত প্ৰথমবাৰৰ বাবে বাৰ্ড ফ্লুত আক্ৰান্ত ৭ জনকৈ লোক, ক’ত?

a birgdd

ভাৰতৰ বিভিন্ন ৰাজ্যকে ধৰি বিশ্বৰ বহু দেশত বাৰ্ড  ফ্লুৱে সময়ে সময়ে সংহাৰৰ সৃষ্টি কৰি  আহিছে।

ইমান দিনে বাৰ্ড ফ্লুত কেৱল হাঁহ, কুকুৰা , পাৰ আৰু অন্যান্য চৰাইহে আক্ৰান্ত হৈ আহিছিল যদিও শেহতীয়াকৈ বাৰ্ড ফ্লুৰ H5N8 ষ্ট্ৰেইন মানৱ দেহলৈয়ো সংক্ৰমিত হোৱাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে।

ৰাছিয়াত ৭ জনকৈ লোক বাৰ্ড ফ্লুত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হোৱাৰ পিছতে এতিয়া চিন্তিত হৈ পৰিছে দেশ খনৰ স্বাস্থ্য বিভাগ।

ৰাছিয়াৰ  স্বাস্থ্য সম্পৰ্কীয় সংস্থা Rospotrebnadzor মুৰব্বী আন্না পোপোভাই প্ৰকাশ কৰা মতে এতিয়ালৈকে ৭ জন লোকৰ দেহত মাৰাত্মক বাৰ্ড ফ্লুৰ বাজাণু পোৱা গৈছে।

বাৰ্ড ফ্লুত প্ৰথম বাৰৰ বাবে কোনো লোক আক্ৰান্ত হোৱাৰ বিষয়টো ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাক অৱগত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

বাৰ্ড ফ্লুত আক্ৰান্ত হোৱা ৭ জন লোকেই ৰাছিয়াৰ এখন কুকুৰা পামত কাম কৰে বুলি তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য ইয়াৰ পূৰ্বে বিশ্বৰ কোনো অঞ্চলতেই বাৰ্ড ফ্লুত কোনো লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা হোৱা নাছিল।

পোপোভাই লগতে কয় যে যি সাত জন লোকৰ দেহত বাৰ্ড ফ্লুৰ বীজাণু পোৱা গৈছে তেওঁলোকক সম্পূৰ্ণ সুকীয়াকৈ ৰখা হৈছে আৰু তেওঁলোকৰ পৰা আন লোকৰ দেহলৈ এই ৰোগ বিয়িপি পৰাৰো কোনো আশংকা নাই।

ৰাছিয়াৰ চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ কিদৰে বাৰ্ড ফ্লু মানুহৰ দেহলৈ সংক্ৰমিত হ’ল সেই বিষয়ত গৱেষণা চলাবলৈ দেশ খনৰ বিজ্ঞানীসকলক আহ্বান জনাইছে।