ভিয়েটনামত বিশ্বৰ আটাইতকৈ দীৰ্ঘতম কাঁচৰ দলং মুকলি

World's Longest Glass-Bottomed Bridge

সমগ্ৰ বিশ্বৰ পৰ্যটকসকলক আকৰ্ষিত কৰিবলৈ এক নতুন আকৰ্ষণ মুকলি কৰিছে ভিয়েটনামে। বিশ্বৰ ভিতৰতে আটাইতকৈ দীৰ্ঘতম কাঁচৰ দলং মুকলি কৰিছে দেশখনে।

উত্তৰ-পশ্চিম চন লা প্ৰদেশত দুটা শৃংগৰ মাজত ৬৩২ মিটাৰ দৈৰ্ঘ্যৰ দলংখন আজি মুকলি কৰা হয়। ১৫০ মিটাৰ উচ্চতাত থকা এই দলংখনৰ নাম হৈছে ‘বাখ লং’ অৰ্থাৎ “বগা ড্ৰেগন”।

দলংখনৰ মজিয়াখন ফৰাচী উৎপাদিত টেম্পাৰ্ড গ্লাচৰ পৰা তৈয়াৰ কৰা হৈছে। দলংখনত একে সময়তে ৪৫০ জন লোকৰ ভৰ বহন কৰিব পৰা ক্ষমতা আছে।

দলংখনৰ তলত থকা গাঢ় সেউজীয়া বনাঞ্চলে এক মনোমোহা দৃষ্টিৰাজিৰ সৃষ্টি কৰিছে।

দলংখনৰ এজন অপাৰেটৰ প্ৰতিনিধি হোয়াং মান ডুয়ে কয়, “দলংখনত থিয় হৈ থাকোতে যাত্ৰীসকলে প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰশংসা কৰিবলৈ সক্ষম হ’ব।”

দলংখনৰ নিৰ্মাতা কোম্পানীটোৱে ‘বাখ লং’- ক বিশ্বৰ আটাইতকৈ দীঘল কাঁচৰ তলৰ দলং বুলি দাবী কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চীনৰ গুয়াংডঙত থকা ৫২৬ মিটাৰ দৈৰ্ঘ্যৰ দলংখনক বিশ্বৰ দীৰ্ঘতম কাঁচৰ দলং বুলি স্বীকৃতি দিয়া হৈছিল।

গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিষয়াসকলে অহা মাহত দলংখনৰ দৈৰ্ঘ্য পৰীক্ষা কৰি এই সন্দৰ্ভত স্বীকৃতি প্ৰদান কৰিব বুলি নিৰ্মাতা কোম্পানীটোৱে উল্লেখ কৰিছে।

উল্লেখ্য যে বাখ লং হৈছে ভিয়েটনামৰ তৃতীয়খন কাঁচৰ দলং।

বিশ্বৰ ভিতৰতে দীৰ্ঘতম কাঁচৰ দলং হিচাপে স্বীকৃতি পোৱাৰ পিছত ই পৰ্যটকসকলক বিশেষভাৱে আকৰ্ষিত কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় কৰ্তৃপক্ষই।