বিশ্বৰ আটাইতকৈ বয়স্ক জীৱিত ব্যক্তি গৰাকীয়ে পালন কৰিলে ১১৯ সংখ্যক জন্মদিন

World‘s oldest living person

বিশ্বৰ আটাইতকৈ বয়স্ক জীৱিত ব্যক্তি হিচাপে স্বীকৃত ব্যক্তি গৰাকীয়ে যোৱা দেওবাৰে পালন কৰিলে ১১৯ সংখ্যক জন্মদিন।

১৯০৩ চনৰ ২ জানুৱাৰীত জন্মগ্ৰহণ কৰা জাপানৰ কেন তানাকা নামৰ মহিলাগৰাকীয়ে যোৱা তিনি বছৰ ধৰি বিশ্বৰ আটাইতকৈ বয়স্ক জীৱিত ব্যক্তি হিচাপে পৰিগণিত হৈ আহিছে।

২০১৯ চনৰ মাৰ্চত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে ১১৬ বছৰ বয়সত তানাকাক বিশ্বৰ আটাইতকৈ বয়স্ক জীৱিত ব্যক্তি হিচাপে স্বীকৃতি দিছিল।

তানাকাৰ ৬২ বছৰীয়া নাতি ইজীয়ে কয়, “মই ব্যক্তিগতভাৱে তেওঁক অভিনন্দন জনাইছো। মই আশা কৰোঁ যে তেওঁ স্বাস্থ্যৱান হৈ থাকিব আৰু বয়সৰ লগে লগে প্ৰতিদিনে আনন্দ কৰিব।”

স্থানীয় সংবাদ সংস্থা কিয়োডো নিউজৰ মতে তানাকাই নম্বৰ পাজল সমাধান কৰি নিজৰ বুদ্ধিপৰীক্ষা কৰি ভাল পায়।

তানাকাৰ পৰিয়ালে সদৰী কৰা অনুসৰি তানাকাই ১২০ বছৰ বয়সলৈকে জীয়াই থাকিব বিচাৰে।

উল্লেখ্য যে তানাকাৰ পূৰ্বে চিয়ো মিয়াকো বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে স্বীকৃতি পাইছিল। ২০১৮ চনৰ ২২ জুলাইত ১১৭ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰিছিল।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে তানাকাৰ জন্ম ১৯০৩ চনত হৈছিল আৰু ১৯২২ চনত হিদেও তানাকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দম্পতীহালৰ চাৰিটা সন্তান আছিল আৰু অন্য এটি শিশুক তুলি লয়।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তানাকাই তেওঁৰ স্বামীৰ সৈতে নুডলছ বিক্ৰী কৰা দোকান এখনত কাম কৰিছিল। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যুদ্ধৰ সময়ত হিদেও আৰু তেওঁৰ পুত্ৰৰ মৃত্যু হোৱাৰ পিছত ৬৩ বছৰ বয়সত তানাকাই দোকানৰ কামৰ পৰা বিৰতি লয়।