শিৱসাগৰ জিলাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গড়কাপ্টানী বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়া-অভিযন্তাৰ অদূৰদৰ্শিতা আৰু অকৰ্মণ্যতাৰ বাবে বিভিন্ন অঞ্চলত গ্ৰামাঞ্চলৰ বাট-পথৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে। জৰাজীৰ্ণ বাট-পথৰ বাবে ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হৈছে যদিও কোনো কাণসাৰ নাই বিভাগীয় উৰ্ধতম কতৃপক্ষৰ ।
আজিৰ পৰা এঘাৰ মাহ পূৰ্বে অর্থাৎ ২০১৭ চনৰ ১৪ ছেপ্তেম্বৰতে শিৱসাগৰ-নাজিৰা সংযোগী পথৰ পৰা শিৱসাগৰ মহকুমা স্বাস্থ্য বিষয়া তথা খেলুৱাস্থিত শিৱসাগৰ উন্নয়ন খণ্ডৰ সন্মুখেদি বেতবাৰী চেঙেলীবাৰী ঘাটলৈ যোৱা ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰি পৰা আলিটোৰ ৪ কিলোমিটাৰ পথৰ মেৰামতিৰ বাবে নিবিদা হৈ যায়। আৰু এই নিবিদা লাভ কৰিছিল জনৈক ফুকন নামৰ এজন ঠিকাদাৰে।
জানিব পৰা মতে অ’এন জি চিৰ ২০১৭/১৮ বৰ্ষৰ পূঁজিৰে মেৰামতি কৰিব লগীয়া পথটোৰ নিৰ্ধাৰিত ধনৰাশি আছিল ৬২ লাখ ৮৬ হেজাৰ ২২৫ টকা। পথটোৰ মেৰামতিৰ কামৰ ম্যাদ দিয়া হৈছিল ১২০ দিন।
স্মৰ্তব্য যে, ১২০ দিনৰ পৰিবৰ্তে আজি পৰ্যন্ত ৩৩০ দিন অতিক্ৰম হ’ল যদিও ঠিকাদাৰ আৰু গড়কাপ্টানী বিভাগৰ একাংশ বিষয়াৰ মিতিৰালিত কেৱল তিনি কিলোমিটাৰ পথৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰি বাকী অংশৰ মেৰামতিৰ কাম আজিলৈকে কৰা নাই। কাম আধাতে সামৰি ঠিকাদাৰে গড়কাপ্তানী বিভাগৰ অভিযন্তাৰ লগত মিলি মেৰামতিৰ ধন মোকলাই নিয়াৰ বাবে উঠি পৰি লগাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
উল্লেখ্য যে, আজিৰ পৰা প্ৰায় তিনি মাহৰ পূৰ্বে গড়কাপ্টানী ৰাজ্যিক মন্ত্ৰী তপন গগৈয়ে শিৱসাগৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত জিলা খনৰ গড়কাপ্টানী বিভাগৰ বিষয়াৰ সৈতে মিলিত এক বৈঠকত বিভাগীয় বিষয়ববীয়াক আধৰুৱা বাট-পথৰ কাম সমূহ এসপ্তাহৰ ভিতৰতে মেৰামতি কৰিবলৈ নিৰ্দেশ দিছিল।
কিন্তু বিভাগীয় মন্ত্ৰীয়ে দিয়া নিৰ্দেশ তিনি মাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত বাট-পথ নিৰ্মাণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগৰ শিৱসাগৰ সংমণ্ডলে। মন্ত্ৰী-বিধায়কৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰা এইসকল বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষ আৰু জিলা উপায়ুক্তই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব।