• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এবছৰেও সম্পূর্ণ নহ’ল হাৰিপৰা আলিৰ মেৰামতি : মন্ত্ৰী-বিধায়কক কেৰেপ নকৰে শিৱসাগৰৰ গড়কাপ্টানী সংমণ্ডলৰ বিষয়া-ঠিকাদাৰে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 21, 2018 2:11 pm
IMG-20180821-WA0006

ফটো : নৰ্থ-ইষ্ট নাও

105
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ  অন্তৰ্গত গড়কাপ্টানী বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়া-অভিযন্তাৰ অদূৰদৰ্শিতা আৰু অকৰ্মণ্যতাৰ বাবে বিভিন্ন অঞ্চলত গ্ৰামাঞ্চলৰ বাট-পথৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে। জৰাজীৰ্ণ বাট-পথৰ বাবে ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হৈছে যদিও কোনো কাণসাৰ নাই বিভাগীয় উৰ্ধতম কতৃপক্ষৰ ।

আজিৰ পৰা এঘাৰ মাহ পূৰ্বে অর্থাৎ ২০১৭ চনৰ ১৪ ছেপ্তেম্বৰতে শিৱসাগৰ-নাজিৰা সংযোগী পথৰ পৰা শিৱসাগৰ মহকুমা স্বাস্থ্য বিষয়া তথা খেলুৱাস্থিত শিৱসাগৰ উন্নয়ন খণ্ডৰ সন্মুখেদি বেতবাৰী  চেঙেলীবাৰী ঘাটলৈ যোৱা ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰি পৰা আলিটোৰ ৪ কিলোমিটাৰ পথৰ মেৰামতিৰ বাবে নিবিদা হৈ যায়। আৰু এই নিবিদা লাভ কৰিছিল জনৈক ফুকন নামৰ এজন ঠিকাদাৰে।

জানিব পৰা মতে  অ’এন জি চিৰ ২০১৭/১৮ বৰ্ষৰ পূঁজিৰে মেৰামতি কৰিব লগীয়া পথটোৰ নিৰ্ধাৰিত ধনৰাশি আছিল ৬২ লাখ ৮৬ হেজাৰ ২২৫ টকা। পথটোৰ মেৰামতিৰ কামৰ  ম্যাদ দিয়া হৈছিল  ১২০ দিন।

স্মৰ্তব্য যে, ১২০ দিনৰ পৰিবৰ্তে আজি পৰ্যন্ত ৩৩০ দিন অতিক্ৰম হ’ল যদিও ঠিকাদাৰ আৰু গড়কাপ্টানী বিভাগৰ একাংশ বিষয়াৰ মিতিৰালিত কেৱল তিনি কিলোমিটাৰ পথৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰি বাকী অংশৰ মেৰামতিৰ কাম আজিলৈকে কৰা নাই। কাম আধাতে সামৰি  ঠিকাদাৰে গড়কাপ্তানী বিভাগৰ অভিযন্তাৰ লগত মিলি মেৰামতিৰ ধন মোকলাই নিয়াৰ বাবে উঠি পৰি লগাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

উল্লেখ্য যে, আজিৰ পৰা প্ৰায় তিনি মাহৰ পূৰ্বে গড়কাপ্টানী ৰাজ্যিক মন্ত্ৰী তপন গগৈয়ে শিৱসাগৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত জিলা খনৰ গড়কাপ্টানী বিভাগৰ বিষয়াৰ সৈতে মিলিত এক বৈঠকত বিভাগীয় বিষয়ববীয়াক আধৰুৱা বাট-পথৰ কাম সমূহ এসপ্তাহৰ ভিতৰতে মেৰামতি কৰিবলৈ নিৰ্দেশ দিছিল।

কিন্তু বিভাগীয় মন্ত্ৰীয়ে দিয়া নিৰ্দেশ তিনি মাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত বাট-পথ নিৰ্মাণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগৰ শিৱসাগৰ সংমণ্ডলে। মন্ত্ৰী-বিধায়কৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰা এইসকল বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষ আৰু জিলা উপায়ুক্তই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd