• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কা ২০১৯ৰ আগ্ৰাসী ৰূপায়ণ বিচাৰি ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত আৱেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2019 5:38 pm
Justice-sa-bobde WP in Supreme Court begs for ‘aggressive’ implementation of CAA 2019

দেশৰ মুখ্য ন্যায়াধীশ এছ এ ববডে। ফটো: sci.gov.in

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনীত কৌৰ ধান্দা নামৰ এগৰাকী মহিলাই সোমবাৰে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত এক লেখ আৱেদন দাখিল কৰিছে আৰু নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ “আগ্ৰাসী” ৰূপায়ণৰ বাবে অনুৰোধ জনাইছে।

লেখ আৱেদনখন (নং 001563/2019)ৰ সাম্প্ৰতিক আইনী স্থিতি জানিব পৰা হোৱা নাই। শীতকালীন অৱসৰৰ বাবে অহা ২ জানুৱাৰিলৈকে উচ্চতম ন্যায়ালয় বন্ধ থাকিব।

আইনখনৰ বিৰুদ্ধে অসমৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ দেশজুৰি বিয়পি পৰাৰ বিপৰীতে আৱেদনকাৰী ধান্দাই বিচাৰিছে, ন্যায়ালয়ে কা-ক “সংবিধানসন্মত আৰু কোনোপধ্যেই কোনো ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে নহয়” বুলি ঘোষণা কৰিব লাগে।

দেশৰ সকলো ৰাজ্যকে কা-ৰ “আগ্ৰাসী” ৰূপায়ণৰ বাবে নিৰ্দেশ দিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়াৰ বাবে ধান্দাই ন্যায়ালয়ক অনুৰোধ জনাইছে।

তাৰোপৰি, কা-ৰ বিৰোধিতা কৰি থকাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ তেওঁ ন্যায়ালয়ক অনুৰোধ জনাইছে।

কা-ৰ বিৰোধিতা কৰা জামিয়া মিলিয়া ইছলামিয়া আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীৰ বাবে “ভাৰত-বিৰোধী স্থিতি এক ফেশ্বনত পৰিণত হৈছে”, আৱেদনখনত কোৱা হৈছে।

কা-ৰ বিৰোধিতা কৰা ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে “কঠোৰ ব্যৱস্থা” গ্ৰহণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগক নিৰ্দেশ দিবলৈ ধান্দাই ন্যায়ালয়ক অনুৰোধ জনাইছে।

“কেন্দ্ৰীয় চৰকাৰৰ বিৰোধী ৰাজনৈতিক দলসমূহে দেশজুৰি ভুৱা উৰাবাতৰি বিয়পাইছে,” আৱেদনখনত কোৱা হৈছে।

কেৱল সেয়ে নহয়, আৱেদনকাৰীগৰাকীয়ে দেশৰ সংবাদ মাধ্যমকো “ভুৱা তথ্য আৰু গুজৱ” বিয়পোৱাৰ বাবে জগৰীয়া কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে।

ভাৰতীয় সংসদ গৃ্হীত আৰু ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে স্বাক্ষৰ কৰা আইনখনৰ বিৰুদ্ধে অসমৰ বহু দল-সংগঠন-ব্যক্তিৰ লগতে দেশৰ বহুতে আৱেদন কৰিছে।

যোৱা ১৮ ডিচেম্বৰত হোৱা এই বিষয়ক প্ৰথমটো শুনানিৰ পিছত ন্যায়ালয়ে কা কিয় বাতিল কৰিব নালাগে সেই বিষয়ে কাৰণ দৰ্শোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰিছে।

অহা ২২ জানুৱাৰিত বিষয়টোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। মুখ্য ন্যায়াধীশ এছ এ ববদে আৰু ন্যায়াধীশদ্বয় বি আৰ গাৱাই আৰু সূৰ্য্যকান্তৰ বিচাৰপীঠে বিষয়টো শুনি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

September 12, 2025 7:00 pm
দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

September 12, 2025 6:05 pm
অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

September 12, 2025 5:18 pm
পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : আতংক, খালী আদালতৰ চৌহদ

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : আতংক, খালী আদালতৰ চৌহদ

September 12, 2025 4:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

September 12, 2025 7:00 pm
দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

September 12, 2025 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd