আলোচনাত অসন্তুষ্ট! বৃজভূষণৰ অপসাৰণৰ দাবীত অটল প্ৰতিবাদী ভাৰতীয় মল্লযুঁজাৰু

Wrestlers protest

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ তুলি প্ৰতিবাদত বহা ভাৰতীয় মল্লযুঁজাৰুসকল আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। ফেডাৰেচনৰ সভাপতি আৰু প্ৰশিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগক লৈ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলে আজিৰ আলোচনাৰ অন্তত সন্তুষ্ট নহয় বুলি স্পষ্ট কৰিছে।

প্ৰতিবাদী মল্লযুঁজাৰুসকলে দাবী পূৰণ নোহোৱালৈকে পুনৰ মল্লযুঁজৰ ৰিঙত নানামে বুলি লগতে দোহাৰিছে। বৈঠকৰ পাছতে তাৰকা মল্লযুঁজাৰু ভিনেশ ফ’গাট, বজৰং পুনিয়া আৰু সাক্ষী মালিকে সংবাদ মাধ্যমৰ আগত আলোচনাৰ পৰা সন্তোষজনক সঁহাৰি পোৱা নাই বুলি মন্তব্য কৰে।

“আমি আলোচনাত সন্তোষজনক সঁহাৰি পোৱা নাই; কেৱল আশ্বাসহে দিয়া হৈছে, কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়া নাই। ফেডাৰেচনৰ মুৰব্বী অপসাৰণ নোহোৱালৈকে আৰু তেওঁ জেললৈ নোযোৱালৈকে আমি প্ৰতিবাদ অব্যাহত ৰাখিম। আমাৰ ওচৰত প্ৰমাণ থকা ৫-৬ গৰাকী মহিলা খেলুৱৈ আছে। চৰকাৰে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আমি আৰক্ষীৰ ওচৰলৈ যাম।”— তেওঁলোকে কয়।

বিজেপিৰ সদস্য তথা হাৰিয়ানা চৰকাৰৰ সদস্য অলিম্পিয়ান ববিতা ফ’গাটৰ নেতৃত্বত চৰকাৰী প্ৰতিনিধি দলৰ সৈতে বৈঠকৰ অন্তত মল্লযুঁজাৰু সকলে কয়, “আমি আইনী পথ ল’ব বিচৰা নাছিলো, কিয়নো প্ৰধানমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস আছিল। আমাৰ যুঁজ চৰকাৰৰ সৈতে নহয়, ফেডাৰেচনৰ সৈতেহে।”

আলোচনা সন্দৰ্ভত ববিতা ফ’গাটে কয়, “মই প্ৰথমে মল্লযুঁজাৰু। বিজেপি চৰকাৰ মল্লযুঁজাৰুসকলৰ লগত আছে। মই এগৰাকী মল্লযুঁজাৰু আৰু মই চৰকাৰতো আছো, গতিকে মধ্যস্থতা কৰাটো মোৰ দায়িত্ব। মোৰ কেৰিয়াৰতো নিৰ্যাতনৰ এনে দৃষ্টান্ত শুনিছো। এই কণ্ঠবোৰ গুৰুত্বপূৰ্ণ।”

উল্লেখ্য যে,বুধবাৰে ভিনেশ ফ’গাটে এই গুৰুতৰ অভিযোগ ৰাজহুৱা কৰাৰ পিছতে ক্ৰীড়া মন্ত্ৰালয়ে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক ৭২ ঘণ্টাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। এই উত্থাপিত এই অভিযোগ খণ্ডন কৰিছে ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙে। বিজেপিৰ সাংসদ গৰাকীয়ে যৌন নিৰ্যাতনৰ অভিযোগক সঁচা বুলি প্ৰমাণ কৰিব পাৰিলে আত্মহত্যা কৰিব বুলি মন্তব্য কৰিছিল।