NORTHEAST NOW (Assamese)

‘সংখ্যালঘু আৰু দুৰ্বল শ্ৰেণীৰ মানুহে পৰাধীনতাৰ আতংকত ভুগিছে’

August 15, 2023 1:42 pm · খাইৰুল আলম

দেশৰ স্বাধীনতা দিৱসৰ উদযাপনৰ মুহূৰ্তত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা চাৰিটা প্ৰশ্ন দাঙি ধৰা হৈছে। ইয়াত উত্তৰ দিছে লেখক-সাংবাদিক খাইৰুল আলমে-

প্ৰশ্ন:  স্বাধীনতাৰ ৭৬ বৰ্ষত আমাৰ দেশ আজি  এক অস্বাভাবিক সংকটৰ গৰাহত।  এতিয়া আমাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি বুলি আপুনি ভাবে?

উত্তৰ:  স্বাধীনতাৰ ৭৬ বছৰ পিছতো নাগৰিকসকলক ধৰ্মৰ দৰে অলাগতীয়াল আৰু ব্যক্তিগত বিশ্বাসৰ নামত ধৰ্মদণ্ডী শাসক বিজেপিয়ে ভাগ ভাগ কৰিবলৈ বহুখিনি সক্ষম হৈছে। ধৰ্ম,ভাষা, সম্প্ৰদায়, জাত-পাতৰ নামত নাগৰিক সমাজৰ যাউতিযুগীয়া ঐক্য -সংহতিক থানবান কৰি পেলোৱা হৈছে। মানৱতা বিপন্ন হৈছে। সংখ্যালঘু আৰু দুৰ্বল শ্ৰেণীৰ মানুহে পৰাধীনতাৰ আতংকত ভুগিছে। দেশত ৰক্তৰ বন্যা বৈছে। ঘৃণাৰ ৰাজনীতি হৈ পৰিছে ক্ষমতা দখল বা তিষ্ঠি থকাৰ হাতিয়াৰ। এই জঘন্য পৰিবেশৰ মুক্তিয়েই এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি ভাবো।

প্ৰশ্ন: গণতন্ত্ৰৰ লগত অৰ্থনৈতিক সমতাৰ প্ৰশ্নটো আপুনি কেনেকৈ চাব?

উত্তৰ: আক্ষৰিক অৰ্থতে অৰ্থনৈতিক স্বাধীনতাৰ পৰা বঞ্চিত। দেশৰ ৰাজহুৱা খণ্ডৰ সম্পদসমূহ নাগৰিকৰ স্বাৰ্থক উপেক্ষা কৰি নিসংকচে বৃহৎ পুঁজিপতিৰ হাতত গতাই দিয়া হৈছে, আনকি বনভুমি আৰু কৃষিভূমিও আজি বণিয়াৰ হাতত তুলি দিয়াৰ ষড়যন্ত্ৰ চলিছে। বৰ্তমানৰ বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতিৰ সৈতে গণতন্ত্ৰৰ কোনো সম্পৰ্ক নাই। অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন। অৰ্থাৎ সীমাহীন অৰ্থনৈতিক অসমতাই দেশৰ গণতন্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

প্ৰশ্ন: এই যে বৰ্তমান চৰকাৰে নিৰ্বিচাৰে ৰাজহুৱা সম্পদ আৰু সম্পত্তিবোৰ ব্যক্তিগত পুঁজিপতিক গতাই দিছে তাৰ ভৱিষ্যত পৰিনাম কি হ’ব বুলি ভাবে?

উত্তৰ: কেৱল ৰাজহুৱা সম্পদেই নহয় প্ৰান্তিক কৃষকৰ মাটি -ভেটি সকলো বৃহৎ পুঁজিপতিৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ ৰচিছে এই চৰকাৰে। শাক -পাচলিৰ দৰে কৃষিজাত সামগ্ৰী বিপণনৰ দায়িত্ব‌ও দিয়া হৈছে বৃহৎ‌ পুঁজিপতিক। ইয়াৰ পৰিণাম হʼব ভয়ংকৰ। ভৱিষ্যতে কৃষক -শ্ৰমিকৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হʼব।

প্ৰশ্ন:  আজিৰ পৰিস্থিতিত আমি কেনেকৈ সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানৰ সমূহৰ স্বতন্ত্ৰতা ৰক্ষা কৰিম?

উত্তৰ: দেশৰ স্বাধীনতা আন্দোলনত বৃটিছৰ চোৰাংচোৱাগিৰি কৰা দেশদ্ৰোহীৰ আদৰ্শত পুষ্ট ৰাজনৈতিক দলৰ হাতৰ পৰা ক্ষমতা হস্তান্তৰ কৰিব লাগিব ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধত পুষ্ট ৰাজনৈতিক শক্তিৰ হাতত।

Related News