বিশিষ্ট সাহিত্যিক, সমালোচক শশী শৰ্মাৰ পৰলোক

Shashi Sarma

বিশিষ্ট লেখক, সাহিত্যিক, সমালোচক, বাওঁপন্থী চিন্তাৰ এজন অগ্ৰণী ব্যক্তি শশী শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটিছে।

নলবাৰীৰ চহিদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁ ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

নলবাৰী জিলাৰ বাসিন্দা শৰ্মা বহুদিনৰ পৰা বাৰ্ধক্যজনিত অসুখত ভুগি আছিল।

১৯৩২ চনৰ ৩ অক্টোবৰত জন্ম হোৱা শৰ্মাই বিভিন্ন সামাজিক কামকাজ আৰু ঘাইকৈ লেখা-মেলাৰ সৈতে জড়িত হৈ আছিল আৰু প্ৰায় ৮০খন গ্ৰন্থ ৰচনা কৰিছিল।

একাধিক মহাবিদ্যালয়ত অধ্যাপনা কৰা শশী শৰ্মাই ১৯৯৩ চনৰ ১ মাৰ্চত নলবাৰী মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।

অসমৰ সমাজ-ৰাজনৈতিক জীৱন সম্পৰ্কত শৰ্মা অতি সংবেদনশীল আছিল আৰু তেওঁৰ লেখা-মেলাত ইয়াৰ প্ৰতিফলন ঘটাইছিল।

তেওঁ ৬৮ চনত ছোৱিয়েট দেশ নেহৰু বঁটা, ১৯৯৫ চনত অসম সাহিত্য সভাই দিয়া সীতানাথ ব্ৰহ্ম চৌধুৰী বঁটা, ২০০২ চনত দলিত সাহিত্য একাডেমিয়ে দিয়া বিষ্ণু প্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল।