উদ্ধতালিৰ চৰম সীমা অতিক্ৰম! বীৰ শ্বহীদক অপমান বহু বিতৰ্কিত শিখা শৰ্মাৰ

‘দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়’!

WhatsApp-I

ৰাজ্যত সততে বিতৰ্কৰ সৃষ্টিৰে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলাই অহা স্বল্পখ্যাত লেখিকা শিখা শৰ্মাই এইবাৰ উদ্ধতালিৰ চৰম সীমা অতিক্ৰম কৰি দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদকো অপমান কৰিবলৈ নেৰিলে।

যিটো সময়ত ছট্টিশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণত ২৪ গৰাকীকৈ চিআৰপিএফৰ কোব্ৰা জোৱানৰ মৃত্যুৱে দেশ তথা ৰাজ্যবাসীক শোক সাগৰত নিমজ্জিত কৰি ৰাখিছে সেই সময়তে শিখা শৰ্মা নামৰ বিতৰ্কিত লেখিকা গৰাকীয়ে শ্বহীদকলৈ ফেচবুকত কৰা এটা পোষ্টে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ছট্টিশগড়ৰ আক্ৰমণত অসমৰ দুগৰাকী সাহসী জোৱান ক্ৰমে বাবলু ৰাভা আৰু দিলীপ কুমাৰ দাসো শ্বহীদ হৈছে।

দুয়োগৰাকী বীৰ শ্বহীদৰ নশ্বৰ দেহ ইতিমধ্যে অসমলৈ আনি সামৰিক মৰ্যাদাৰে সৎকাৰৰ ব্যৱস্থা কৰা হৈছে।

এনে সময়তে লেখিকা শিখা শৰ্মাই ফেচবুকত এইবুলি পোষ্ট দিছে—‘দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়।তেনেকৈ হ’লে বিদ্যুৎপিষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ। ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম’।

শিখা শৰ্মাৰ এই পোষ্টটোৰ পিছতে এতিয়া নেটিজেন সকলে উভতি ধৰিছে বিতৰ্কিত লেখিকা গৰাকীক।

ফেচবুকত শিখা শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰি নেটিজেনে সকলে তেওঁৰ বিকৃত মানসিকতাক ধিক্কাৰ দিছে আৰু শ্বহীদক অপমান কৰাৰ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰিছে।

বহুতে শিখা শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো পোষকতা কৰিছে।

উল্লেখ্য শেহতীয়াকৈ শিখা শৰ্মা নামৰ মহিলাগৰাকীয়ে ৰাজনৈতিক ক্ষেত্ৰতো কেতবোৰ বিতৰ্কিত মন্তব্য কৰি বহুতৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ অভিযোগ উঠি আহিছে।