চামগুৰি ভূৰবন্ধাত ৰকিবুল হুছেইন আৰু কেশৱ মহন্তক কটাক্ষ লেখিকা শিখা শৰ্মাৰ

ফটো: নৰ্থইষ্ট নাও।

চামগুৰি সমষ্টিত যেতিয়ালৈকে ৰকিবুল হুছেইন বিধায়ক হৈ থাকিব তেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলৰ উন্নয়ন নহয়। এই মন্তব্য লেখিকা শিখা শৰ্মাৰ ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত তথা গৰাখহনীয়া অঞ্চল হিচাপে পৰিচিত ভূৰবন্ধা অঞ্চলত আজি লেখিকা শিখা শৰ্মা উপস্থিত হৈ এসময়ৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন আৰু মন্ত্ৰী কেশৱ মহন্তক বিভিন্ন সমালোচনাৰে কটাক্ষ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে চামগুৰি সমষ্টিৰ ৪নং ভূৰবন্ধাকে ধৰি বহু কেইটা অঞ্চলত বিগত বহুবছৰ ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়াই নৈপৰীয়া ৰাইজক যথেষ্ট ক্ষতি সাধন কৰি আহিছে।

লগতে পঢ়ক: খিতাপৰ যুঁজত হাৰ মানিল নাগালেণ্ড পুলিচ; বৰদলৈ ট্ৰফীৰ নতুন চেম্পিয়ন দিল্লী ফুটবল ক্লাৱ

আজি ৪নং ভূৰবন্ধা অঞ্চলকে ধৰি বহুকেইটা অঞ্চলত লেখিকা শিখা শৰ্মা উপস্থিত হৈ ৰাইজৰ সৈতে মত-বিনিময় কৰে। বানপানী আৰু গৰাখহনীয়া অঞ্চল সমুহ পৰিদৰ্শন কৰি লেখিকা শিখা শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত শাসনাধীষ্ঠ বিজেপি চৰকাৰ আৰু কংগ্ৰেছ, এ.আই.ডি.ইউ.এফ.দলৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয়।

লেখিকা গৰাকীয়ে কয়, সচাঁ মিছা নাজানো মই, শুনিবলৈ পাইছোঁ ৱাকফ ব’ৰ্ডৰ মাটিৰ কেলেংকাৰী ঢাকিবলৈ বিধায়ক ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ মাজত আছে গোপন মিত্ৰতা। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ, বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ দুই-একৰ সৈতে আছে বুজাবুজি।

তেওঁ লগতে কয়, ‘হিন্দুক সন্তুষ্ট কৰিবলৈহে নাগৰিকপঞ্জীৰ পুনঃনিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।‘

লগতে পঢ়ক: কনমানি কন্যা শিশুক বলাৎকাৰ: ৰাইজে মুখত চূণ সানি, চেণ্ডেলৰ মালা পিন্ধাই ঘূৰালে অভিযুক্ত লম্পটক

জিঅ’ বান্ধক ১০০ বছৰ গেৰেন্টি দিয়া কলিয়াবৰৰ বিধায়ক মন্ত্ৰী কেশৱ মহন্তকো কঠোৰভাবে সমালোচনা কৰে লেখিকা শিখা শৰ্মাই। বিজেপি চৰকাৰে স্মাৰ্ট ইণ্ডিয়াৰ কথাকৈ “টোল গেট”ৰ জৰিয়তে ৰাইজৰ পৰা স্মাৰ্ট ধন সৰকাইছে বুলি তীব্ৰ সমালোচনা কৰে লেখিকা গৰাকীয়ে ৷