কামৰূপ মডেল স্কুলত ‘এক পৃথিৱী মডেল স্কুল এক্টিভিটি ৰুম’ উদ্বোধন ডব্লিউ ডব্লিউ এফৰ

বৰ্তমান সময়ত শিশুসকলৰ দীৰ্ঘম্যাদী বিকাশ আৰু সফল ভৱিষ্যতৰ বাবে প্ৰকৃতি আৰু বহনক্ষমতাৰ বিষয়ে শিক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। শিশু আৰু যুৱকযুৱতীসকলৰ বাবে এক স্থিতিস্থাপক আৰু ইতিবাচক পৰিৱেশ গঢ়ি তুলিবলৈ তেওঁলোকক প্ৰকৃতিৰ সৈতে সংযোগ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। পৰিৱেশ সজাগতা গঢ়ি তোলা, প্ৰয়োজনীয় ক্ষমতা আৰু দক্ষতা বিকাশ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডব্লিউ ডব্লিউ এফইণ্ডিয়াই ২০১৬ চনত তেওঁলোকৰ অধীনত থকা সকলো বিদ্যালয়তে ‘এক পৃথিৱী মডেল স্কুল এক্টিভিটি ৰুম’ স্থাপন কৰি আহিছে।

ইতিমধ্যে WWF এ ১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লাখ লাখ ছাত্ৰছাত্ৰীৰ বাবে ১০টা ভাষাত এই এক্টিভিটি ৰুম স্থাপনৰ কাম সম্পন্ন কৰিছে। প্ৰাথমিক শিক্ষা বিভাগ, এছ এছ এ আৰু চৰকাৰৰ সহযোগত অসমৰ সকলো জিলালৈ গৈছে WWF ৰ কৰ্মীসকল

মৰিগাঁও জিলাৰ ১০ খন বিদ্যালয়ত ‘এক পৃথিৱী মডেল স্কুল এক্টিভিটি ৰুম’ স্থাপনৰ দ্বাৰা ২০১৯ চনত এই কাম আৰম্ভ কৰে সংস্থাটোৱে।

পবিতৰাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিদ্যালয়ত ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত এক্টিভিটি ৰুম স্থাপন কৰিছিল WWF এ। ২০২৩ চনৰ ৪ মাৰ্চত কটন কলেজিয়েটতো এই ৰুম উদ্বোধন কৰা হয় ।

আৰু তাৰ পিছত WWF-India ৰ সহযোগত কামৰূপ মডেল স্কুলত ‘এক পৃথিৱী মডেল স্কুল এক্টিভিটি ৰুম’ স্থাপনৰ বাবে Teacher /Educators Orientation Program ৰ আয়োজন কৰা হয়। প্ৰাথমিক শিক্ষাৰ উপ সঞ্চালক শ্ৰী আমিৰ হুছেইন, ডব্লিউ ডব্লিউ এফৰ অসম ৰাজ্যিক কাৰ্যালয়ৰ ৰাজ্যিক সমন্বয়ক অৰ্চিতা বৰুৱা ভট্টাচাৰ্য, কটন কলেজিয়েটৰ অধ্যক্ষ শ্ৰী বালয় কৃ. বৰা, জিলা কাৰ্যসূচী বিষয়া শ্ৰীমতী তাপাশী শৰ্মা আৰু অধ্যাপক ৰঞ্জিত চৌধুৰীকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।

অনুষ্ঠানটিত এক্টিভিটি ৰুমৰ গুৰুত্বৰ বিষয়ে অৱগত কৰা হয়। অনুষ্ঠানটোত উপস্থিত থকা বিষয়াসকলে এক্টিভিটি ৰুমৰ শলাগ লয় আৰু কয় যে ই আন বিদ্যালয়সমূহকো বিভিন্ন পৰিৱেশ শিক্ষাৰ বিষয়ে অভিজ্ঞতা লাভ কৰাত সহায় কৰিব।

উদ্বোধনী অনুষ্ঠানটোত শ্ৰীমতী ড. অৰ্চিতা বৰুৱা ভট্টাচাৰ্যই আদৰণি ভাষণ প্ৰদান কৰি এক্টিভিটি ৰুমৰ গুৰুত্ব আৰু ডব্লিউ ডব্লিউ এফ অসমৰ বিভিন্ন কাৰ্যাৱলীৰ বিষয়ে আভাস দাঙি ধৰে।

আমিৰ হুছেইন ডাঙৰীয়াই বহনক্ষমতাৰ লক্ষ্যৰ দিশত ডব্লিউ ডব্লিউ এফইণ্ডিয়াৰ পদক্ষেপক প্ৰশংসা কৰি এক্টিভিটি ৰুমে ছাত্ৰছাত্ৰীৰ লগতে শিক্ষকৰ জীৱনতো ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে। WWF-Indiaৰ ৰাজ্যিক সমন্বয়কে অন্তৰংগ আলাপৰ পদ্ধতিৰে এই অৰিয়েণ্টেচন কাৰ্যসূচী পৰিচালনা কৰে।