NORTHEAST NOW (Assamese)

Pobitora Wildlife Sanctuaryবিশ্ব প্ৰকৃতি নিধিৰ সাহায্য: বাইন’কুলাৰ, মটৰচাইকেল আৰু কম্পিউটাৰ প্ৰদান

September 21, 2021 10:07 am · উত্তম শইকীয়া
Updated: September 21, 2021 10:48 am

Pobitora Wildlife Sanctuary প্ৰকৃতি প্ৰেমী বেচৰকাৰী সংগঠন বিশ্ব প্ৰকৃতি নিধি বা ডব্লিউ ডব্লিউ এফ ৰ উদ্যোগত সোমবাৰে অভয়াৰণ্যখনৰ কৰ্তব্যৰত বনৰক্ষী সকলৰ মাজত অত্যাৱশ্যকীয় কিছু সামগ্রী বিতৰণ কৰা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিচ এণ্ড ৱাইল্ড লাইফ ছ’চাইটি নামৰ এটা সংগঠনৰ পৃষ্ঠপোষকতাৰে বিশ্ব প্ৰকৃতি নিধিয়ে অভয়াৰণ্যখনৰ ২০ টা বন শিবিৰৰ বনৰক্ষীৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰে।

সামগ্ৰীসমূহ ভিতৰত ৩০ টা টৰ্চ লাইট, ২২ টা বাইন’কুলাৰ, ৪ খন মটৰ চাইকেল আৰু নিয়ন্ত্ৰণ কক্ষৰ বাবে কম্পিউটাৰ ছেট প্ৰদান কৰা হয়।

এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ বন্য প্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন্যপ্ৰাণী সংৰক্ষক ডঃ অমিত সাহায় ৷

Also read : কেন্দ্ৰীয় আইন মন্ত্ৰী ৰিজিজুৰ পৰা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ নামকটাৰ ক্ষমতা বিচাৰিলে নিৰ্বাচন আয়োগে

বিশ্ব প্ৰকৃতি নিধিৰ জ্যেষ্ঠ সমন্বয়ক প্ৰণৱ জ্যোতি বৰাই  আঁত ধৰা অনুষ্ঠানত সামগ্ৰী খিনি বিতৰণ কৰাৰ উদ্দেশ্য আৰু লক্ষ্য সন্দৰ্ভত বক্তব্য ৰাখে সংগঠনটোৰ গঁড় সংৰক্ষণৰ সৰ্ব ভাৰতীয় জ্যেষ্ঠ সমন্বয়ক অমিত শৰ্মাই।

অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠন ‘শিপা’ৰ সদস্যৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বিশ্ব প্ৰকৃতি নিধিৰ সুনিত কুমাৰ দাস আৰু স্থানীয় কেইবাগৰাকী সচেতন ব্যক্তিও উপস্থিত থাকে।

Related News