• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Flood in Guwahati, হায় স্মাৰ্টচিটি! এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ গ’ল ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ বিভিন্ন অঞ্চল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2021 11:14 am
Flood in Guwahati

মঙলবাৰে পুৱাই অহা এজাক বৰষুণতে ডুব গ'ল মহানগৰীৰ আভিজাত্য। ফটো: নৰ্থইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Flood in Guwahati , ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীত বৰষুণ বুলি ক’লেই মহানগৰবাসীৰ সন্মুখত ভাহি উঠে এক দু:স্বপ্ন।

Flood in Guwahati, এজাক বৰষুণতে কৃত্ৰিম বানপানীত জৰ্জৰিত হৈ পৰে গুৱাহাটী মহানগৰী।

সেইদৰে মঙলবাৰে পুৱাই অহা বৰষুণতে কৃত্ৰিম বানত বুৰ গ’ল মহানগৰীৰ বিভিন্ন অঞ্চল। আৰম্ভ হ’ল তীব্ৰ যান-জঁটৰ।

Apply Now

মহানগৰীৰ ডাউন টাউন, চাৰ্ভে, ওৱাৰলেছ, হাতীগাঁওকে ধৰি বিভিন্ন স্থানত ৰাজপথত একাঁঠু পানী।

আশ্চৰ্যজনকভাৱে, এজাক বৰষুণতে ৰাজধানী দিছপুৰৰ সমীপতে মূল পথ কৃত্ৰিম বানপানীৰে জলমগ্ন হৈ পৰিছে।

দিছপুৰৰ ওৱাৰলেছত কৃত্ৰিম বানপানীত নলা-নৰ্দমাৰ পানী একাকাৰ হৈ পৰিছে। পথাচাৰীয়ে ইয়াত কোনোমতে নাক কোচাই অতিক্ৰম কৰিবলগা হৈছে।

ইপিনে, যান-বাহনসমূহ পাৰ হৈ যোৱাৰ লগে লগে এই গেলা পানীসমূহে দুয়োকাষৰ পদপথত নলা-নৰ্দমাৰ আৱৰ্জনাবোৰ সিঁচি থৈ যায়।

ইপিনে, স্মাৰ্ট চিটিৰ ঢাক ঢোল বজাই চৰকাৰে মহানগৰীখনৰ বিকাশৰ ভুৱা ছবি দাঙি ধৰাত কোনো কৃপণালি কৰা নাই।

ৰাজ্যৰ মহানাগৰিকসকলে এতিয়া কিদৰে বিকাশৰ যাত্ৰাৰ অংশীদাৰ হৈ আগবাঢ়িছো লক্ষ্য কৰক। বছৰ বছৰ ধৰি কেবল প্ৰতিশ্ৰুতিৰ পাহাৰ আৰু চমক সৃষ্টিৰ মাজত জনসাধাৰণৰ জীৱন যাত্ৰা কেতিয়া মসৃন হ’ব সেয়া কোনোপধ্যে বোধগম্য নহয়।

ৰাইজৰ হয়তো মনত আছে বিজেপি চৰকাৰৰ দিনতে এক চমকপ্ৰদ পদক্ষেপ হাতত লোৱাৰ কথা সদৰী কৰিছিল গুৱাহাটী পৌৰ নিগমে।

Flood in Guwahati

কোৱা হৈছিল চাফাইকৰ্মীৰে নহয়, গুৱাহাটীৰ গেলা নলা চাফা কৰিব ৰবটে। উত্তৰ-পূৱৰ ভিতৰতে গুৱাহাটীত প্ৰথম বাৰৰ বাবে ৰবটৰ জৰিয়তে নলা নিষ্কাষণ কৰা হ’ব বুলি দাবীও কৰিছিল।

Also read : হাত দাঙিলে কোহলিৰ RCBয়ে; IPLত দুৰ্দান্ত জয়েৰে অভিযান আৰম্ভ KKRৰ

গুৱাহাটী মহানগৰীত থকা প্ৰায় ৩৭৯ টা নলা এই ৰবটেৰে নিষ্কাষণ কৰাৰ কথা আছিল। তদুপৰি, ৰবটৰ জৰিয়তে কামৰ শুভ উদ্বোধন কৰিছিল গুৱাহাটী উন্নয়ন দপ্তৰৰ তদানীন্তন মন্ত্ৰী গৰাকীয়ে।

পৌৰ নিগমৰ কোনো চাফাই কৰ্মী দুৰ্গন্ধময় নলাত ননমাকৈয়ে ৰবটৰ জৰিয়তে নলা নিষ্কাষণ কৰাৰ বাবে চাফাইকৰ্মীসকলক প্ৰশিক্ষণ দিয়াৰ কথা কোৱা হৈছিল।

আনহাতে, ৰৱটৰ সমান্তৰালভাৱে কেইবাখনো এক্সকেভেটৰো নিষ্কাষণত ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছিল।

সি যি কি নহওক, সেই প্ৰকল্পৰ অস্তিত্ব আজি ক’তো বিচাৰি পাবলৈ নাই। এনেদৰে, গুৱাহাটী পৌৰ নিগমে বহুকেইটা প্ৰকল্প হাতত লৈছিল যদিও সৰহসংখ্যক প্রকল্পই বন্ধ হোৱাৰ উপক্ৰম হৈছে।

আজি এজাক বৰষুণেই স্মাৰ্ট চিটি গুৱাহাটীৰ স্বৰূপ উদঙাই দিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd