বাইকৰ প্ৰতি বিশেষ আকৰ্ষণ ৰখাসকলৰ বাবে এটা ভাল খৱৰ। নতুন বছৰত Yamahaই নতুন বাইক বজাৰলৈ আনিছে।
জাপানৰ দুচকীয়া বাহন নিৰ্মামকাৰী কোম্পানীটোৱে ইয়াৰ জনপ্ৰিয় FZ ছিৰিজৰ অধীনত দুখন নতুন বাইক মুকলি কৰিছে। অৰ্থাৎ এই ছিৰিজৰ নতুন অৱতাৰ হিচাপে বজাৰলৈ আহিছে এই দুখন বাইক।
Yamahaই ইয়াৰ এই নতুন বাইকত ইঞ্জিন আৰু ফিচাৰ প্ৰায় অপৰিৱৰ্তিত ৰাখিছে। FZ ছিৰিজৰ এই বাইকত আছে ১৪৯ চিচি এয়াৰ কুল, ফ’ৰ ষ্ট্ৰ’ক,SOHC, ফুৱেল ইনজেকটেড, বি এছ ৬ ইঞ্জিন।
তদুপৰি, ইয়াৰ বিশেষত্বসমূহৰ ভিতৰত আছে ‘ছাইড ষ্ট্যণ্ড ইঞ্জিন কাট-অফ চুইচ। এই FZS FI মডেলত অতিৰিক্ত ফিচাৰ হিচাপে আছে Yamaha Motorcycle Connect X। ব্লু-টুথৰ জৰিয়তে ইয়াক সংযোগ কৰিব পাৰি।
Yamaha FZ FI বাইকৰ দাম ১লাখ ৩হাজাৰ ৭০০টকাৰ পৰা আৰম্ভ হৈছে। কিন্তু FZS FI বাইকৰ দাম তুলনামূলকভাৱে কিছু অধিক। ইয়াৰ দাম আৰম্ভ হৈছে ১লাখ ৭হাজাৰ ২০০টকাৰ পৰা। অৱশ্যে, এয়া দিল্লীত বাইক দুখনৰ এক্স শ্ব’ৰুম মূল্যহে।
Yamahaই ইয়াৰ এই নতুন বাইক আকৰ্ষণীয় ৰঙেৰে ভাৰতীয় গ্ৰাহকৰ সন্মুখলৈ আনিছে। FZ FI মডেলৰ বাইকসমূহ মাথোঁ ৰেচিং ব্লু তথা মেটেলিক ব্লেক ৰঙতহে উপলব্ধ।
আনহাতে, FZS FI বাইকৰ মডেলত গ্ৰাহকে বহু কেইটা বিকল্প পাব। ইয়াৰ ভিতৰত মেট ৰেড, ডাৰ্ক মেট ব্লু, মেট ব্লেক, ডাৰ্ক নাইট তথা ভিন্টেজ এডিছনত এই মডেলৰ বাইক উপলব্ধ হ’ব।