NORTHEAST NOW (Assamese)

কানপুৰৰ শিশু স্পাইডাৰমেন: নালাগে কোনো জখলা,অনায়াসে বগাই যায় দেৱাল, চাওঁক ভিডিঅ’

September 10, 2020 5:59 pm · এন ই নাও নিউজ

সৰুৰে পৰাই শিশুটিয়ে স্পাইডাৰমেনৰ কাহিনী পঢ়ি ভালপায়।

স্পাইডাৰমেনৰ দৰেই কিদৰে খালী হাতেৰে দেৱাল বগাই যাব পাৰি তাৰেই চিন্তাতে মগ্ন হৈ থাকে শিশুটিয়ে।

শিশুটিৰ বয়স ৭ বছৰ। উত্তৰ প্ৰদেশৰ কাণপুৰৰ বাসিন্দা যশৰথ সিং গাউৰে নামৰ এই শিশুটিয়ে কোনো বস্তুৰ সহায় নোলোৱাকৈয়ে দেৱাল বগাই যাব পাৰে।

তৃতীয় শ্ৰেণীত পঢ়ি থকা শিশুটিয়ে দেৱাল বগোৱাৰ কাম ইমান দ্ৰুত ভাবে কৰে যে সকলোৱে হতবাক হ’বলৈ বাধ্য।

শেহতীয়াকৈ সংবাদ মাধ্যম এএনআই-এ এই শিশুটিৰ অদ্ভুত কাৰ্যৰ কথা পোহৰলৈ আনিছে।

সাংবাদিকৰ আগত শিশুটিয়ে প্ৰকাশ কৰিছে যে স্পাইডাৰমেন তেওঁৰ প্ৰিয় চৰিত্ৰ।

তেওঁ স্পাইডাৰমেনৰ চিনেমাবোৰ মনোযোগেৰে চাই আহিছে সেইবোৰৰ পৰাই দেৱাল বগোৱাৰ কৌশল আয়ত্ব কৰিছে।

শিশুটিৰ পিতৃ-মাতৃয়েও শিশুটিক এনে কাৰ্য কৰাৰ ক্ষেত্ৰত কোনো বাধা প্ৰদান কৰা নাই।

ডাঙৰ হ’লে কি হ’ব বিচাৰে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্ৰত শিশুটিয়ে কয় যে ডাঙৰ হ’লে তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ এজন বিষয়া হ’ব বিচাৰে।

শিশুটিৰ এনে অদ্ভুত শক্তিয়ে বহুতকে আচৰিত কৰিছে যদিও শিশুটিক দেখি আন কোনেও যাতে প্ৰশিক্ষণ নোলোৱাকৈ দেৱাল বগাবলৈ নাযায় তাৰ প্ৰতি সতৰ্ক হ’বলৈও সচেতন মহলে আহ্বান জনাইছে।

Related News