• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ অসম্ভৱ!

দেশৰ আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ ঘোষণাৰ পাছতো হিমন্তৰ মন্তব্যই কি ইংগিত বহন কৰিছে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 10, 2020 5:58 pm
118952934_10157911412143983_1484962273624398555_n
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বেই সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ হ’ব বুলি চৰ্চা চলি আহিছিল তথা বিজেপিৰ নেতা-মন্ত্ৰীসকলে ইয়াক লৈ আনন্দিত হোৱাও পৰিলক্ষিত হৈছিল।

কিন্তু তেনে সময়তে এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ২০২১ৰ পূৰ্বে সমষ্টি নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয় বুলি মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

জিএমচিএইচত সেনাৰ প্লাজমা দান অনুষ্ঠানত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীজনে কয়, ‘এইটো সাধাৰণভাৱেই জানো যে নিৰ্বাচনৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণ নহয়।‘

মন্ত্ৰী ড০ শৰ্মাই ইয়াৰ কাৰণ বাখ্যা কৰি কয়, ‘ডিলিমিটেশ্যন আইনত উল্লেখ আছে যে এয়া ২০০১ৰ ওপৰত নিৰ্ধাৰণ হ’ব। সংবিধান সংশোধন কৰি যেতিয়ালৈকে ২০১১ টো নানিব তেতিয়ালৈকে এই নিৰ্বাচনৰ আগত কোনোপধ্য সমষ্টি পুনৰ নিৰ্ধাৰণ হ’বই নোৱাৰে। ‘

‘২০০১ ৰ ঠাইত সংবিধান সংশোধন কৰি ২০১১ কৰিব লাগিব। ৬ নং দফা ৰূপায়ণৰ সময়ত সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া প্ৰয়োজন হ’ব।‘ মন্ত্ৰীয়ে লগতে কয়।

ইপিনে, আগন্তুক নিৰ্বাচনৰ পূৰ্বেই অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ’ব বুলি দেশৰ আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে জনাইছিল।

দেশৰ আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে জনাইছিল যে ২০০৮ চনত সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ ৰৈ যোৱা অসমকে ধৰি ৪খন ৰাজ্যৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰা হ’ব।এই ৰাজ্যকেইখন হ’ল- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ড।

আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ এই প্ৰস্তাৱটোত ৰাষ্ট্ৰপতি কোবিন্দে সন্মতি প্ৰদান কৰাৰ পিছতে এইটো নিশ্চিত হয় বুলিও জানিব পৰা গৈছে।

৮ ফেব্ৰুৱাৰি, ২০০৮-ৰ এটা নিৰ্দেশ যোগে সেই সময়ত এই ৰাজ্যকেইখনৰ আইন-শৃংখলা আৰু নিৰাপত্তাৰ দিশ উন্নত নোহোৱাৰ দোহাই দি পৰৱৰ্তী সময়লৈ এই কাম স্থগিত ৰখা হৈছিল।

ৰাষ্ট্ৰপতি কোবিন্দে এই কাৰকবোৰ উন্নত হোৱা বুলি বিশ্বাসৰ ভিত্তিত এই প্ৰক্ৰিয়া উপৰোক্ত ৰাজ্যকেইখনত আৰম্ভ কৰাৰ অনুমতি দিয়ে।

এই প্ৰস্তাৱত ৰাষ্ট্ৰপতিয়ে সন্মতি প্ৰদান কৰাৰ পাছতেই ৰাজ্যিক বিজেপিৰ নেতৃত্ব আনন্দিত হৈছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণলৈ বিশেষ আশাৰে বাট চাই ৰৈছিল।

কিন্তু তাৰ পাছতো মন্ত্ৰীগৰাকীয়ে আজি ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ অসম্ভৱ বুলি কৰা মন্তব্যই বিশেষ তাৎপৰ্য্য তথা ইংগিত বহন কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd