ৰাজকোটত যশস্বীৰ অনন্য যশস্যাঃ গঢ়িলে কেইবাটাও ঈৰ্ষণীয় অভিলেখ

India vs England Yashasvi Jaiswal

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত আজি বৃ্হৎ জয়েৰে অগ্ৰগতি লাভ কৰিছে ভাৰতে। ভাৰতৰ এই বিজয়ত অন্যতম খনিকৰ ৰূপে জিলিকি উঠে যশস্বী জয়ছোৱাল।

এক দুৰ্দান্ত দ্বিশতকীয় ইনিংছেৰে যশস্বীয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰে প্ৰশংসা লাভ কৰিছে। প্ৰথম ইনিংছত ব্যৰ্থ হ’লেও যুৱ তাৰকাগৰাকীয়ে দ্বিতীয় ইনিংছত ইংলেণ্ডক বেকফুটলৈ ঠেলি ২১৪ ৰাণৰ অপৰাজিত ইনিংছ খেলে।

যশস্বীয়ে ২৩৬ টা বলত ১৪ টা চাৰি আৰু ১২ টা ছয়েৰে নিজৰ এই ইনিংছটো সজাই তোলে। এই ইনিংছটোৰে তেওঁ কেইবাটাও অনন্য কৃতিত্ব অৰ্জন কৰে।

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত দুটা দ্বিশতকীয় ইনিংছ খেলা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হয় যশস্বী জয়ছোৱাল। বিৰাট কোহলী আৰু বিনোদ কাম্বলীৰ পিছত একেৰাহে দুখন টেষ্টত দ্বিশতক অৰ্জন কৰা তৃতীয় ভাৰতীয় হিচাপে পৰিগণিত হয়।

সমান্তৰালভাৱে যশস্বী বিনো মানকাদ আৰু বিৰাট কোহলীৰ পিছত এটা টেষ্ট ছিৰিজত দুটা দ্বিশতক  অৰ্জন কৰা তৃতীয় ভাৰতীয় বেটাৰ হিচাপে অভিলেখ ৰচে।

টেষ্টৰ এটা ইনিংছত সৰ্বাধিক ছয় কোবোৱা বেটাৰ হিচাপেও অভিলেখৰ গৰাকী হয় যশস্বী। যুৱ তাৰকাগৰাকীয়ে এই ইনিংছটোত ১২ টা ছয় কোবাই পাকিস্তানৰ কিংবদন্তী তাৰকা ৱাছিম আক্ৰামৰ নামত থকা অভিলেখ স্পৰ্শ কৰে।

তদুপৰি চলিত টেষ্ট শৃংখলাটোত যশস্বীয়ে ২২ টা ছয় কোবাইছে। এটা শৃংখলাত এগৰাকী বেটাৰৰ দ্বাৰা এয়াই সৰ্বাধিক ছয়ৰ অভিলেখ। এই ক্ষেত্ৰত যশস্বীয়ে অতিক্ৰম কৰে ৰোহিত শৰ্মাক। ভাৰতীয় অধিনায়কগৰাকীয়ে ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৯ টা ছয় কোবাইছিল।

ইফালে কেৰিয়াৰৰ প্ৰথম তিনিটা শতকক ১৫০তকৈ অধিক স্ক’ৰলৈ ৰূপান্তৰিত কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপেও পৰিগণিত হয় জয়ছোৱাল।

লক্ষণীয়ভাৱে জয়ছোৱালৰ এনে দৰ্শনীয় প্ৰদৰ্শনে সামগ্ৰিকভাৱে ভাৰতীয় দলৰ অভিলেখ সৃষ্টিত সহায় কৰে। ইতিমধ্যে চলিত শৃংখলাটোত ৪৮টা ছয় কোবাইছে ভাৰতে। এইদৰে ভাৰতে নিজৰে অভিলেখ ভং কৰে। ইয়াৰ পূৰ্বে ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪৭টা ছয় কোবাইছিল ভাৰতে।

লগতে ৰাজকোট টেষ্টত ভাৰতে মুঠ ২৮ টা ছয় কোবাই পূৰ্বে ২০১৯ চনত ভাইজাগত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৭ টা ছয়ৰ অভিলেখ অতিক্ৰম কৰে। তদুপৰি দ্বিতীয় ইনিংছত ভাৰতে মুঠ ১৮ টা ছয় কোবাই আন এক অভিলেখ স্থাপন কৰে।