হেজলউডক বিশাল ছয় মাৰি শতক সম্পূৰ্ণ কৰে যশস্বী জয়ছোৱালে। ২২ বছৰ বয়সত অষ্ট্ৰেলিয়াৰ মাটিত টেষ্টত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় জয়ছোৱাল। এইটো যশস্বীৰ চতুৰ্থ টেষ্ট শতক।
প্ৰথম ইনিংছত কোনো ৰান নকৰাকৈ পেভিলিয়নলৈ উভতি আহিবলগীয়া হৈছিল জয়ছোৱাল। মিচেল ষ্টাৰ্কৰ বলত শ্বট মাৰি যিদৰে আউট হৈ আহিছিল, তেতিয়া প্ৰশ্ন উত্থাপন হৈছিল যে অষ্ট্ৰেলিয়াৰ হাৰ্ড পিটচত খেলিব পৰা মানসিকতা তেওঁৰ আছেনে?
কিন্তু দ্বিতীয় ইনিংছত সমালোচকৰ মুখ বন্ধ কৰি পেলালে যশস্বী জয়ছোৱালে। পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰাৰ পিছত যুৱ ক্ৰিকেটাৰগৰাকীৰ মুখত ফুটি উঠিল বিৰাট সন্তুষ্টিৰ হাঁহি। ভাৰতীয় অ’পেনাৰগৰাকীয়ে জোছ হেজলউডৰ বলত বিশাল ছয় মাৰি নিজৰ শতক সম্পূৰ্ণ কৰে।
পাৰ্থ টেষ্টত প্ৰথম বেটিং কৰি ভাৰতে মাত্ৰ ১৫০ ৰানতে বল আউট হয়। ইনিংছ মুকলি কৰিবলৈ নামি ইনিংছৰ তৃতীয় অভাৰটোতে যশস্বীয়ে আক্ৰমণাত্মক শ্বট খেলিবলৈ গৈ উইকেট নিক্ষেপ কৰে। কিন্তু প্ৰথম ইনিংছৰ ভুলটো দ্বিতীয় ইনিংছত শুধৰাই ললে যুৱ খেলুৱৈগৰাকীয়ে।
দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ নামি আহি ধৈৰ্য্যৰে ইনিংছ খেলিলে। ষ্টাৰ্ক-কামিন্সৰ বিৰুদ্ধে সংযমেৰে প্ৰায় ৫০ ষ্ট্ৰাইক ৰেটত বেটিং কৰে। তাতেই আহে সফলতা। তেওঁ ২০৬টা বল খেলি শতক অৰ্জন কৰে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ প্ৰথমখন খেলতে শতক অৰ্জন কৰা তৃতীয়জন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।
অষ্ট্ৰেলিয়াত টেষ্টত অভিষেক ঘটোৱাৰ সময়ত সুনীল গাভাস্কাৰে ১১৩ ৰান সংগ্ৰহেৰে অভিলেখ গঢ়িছিল। ১৯৭৭-৭৮ চনৰ ভ্ৰমণত তেওঁ সেই অভিলেখ গঢ়ি তুলিছিল। দেওবাৰে যশস্বীৰ প্ৰদৰ্শনৰ আগত সেই নজিৰো ম্লান হৈ পৰিল। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী খেলি গাভাস্কাৰৰ নজিৰ ভংগ কৰি দিলে যুৱ অ’পেনাৰগৰাকীয়ে।